NORTHEAST NOW (Assamese)
অসম

অপৰাধীৰ ৰম্যভূমিত পৰিণত বাক্সাৰ ভাৰত-ভূটান সীমান্ত; নাগ্ৰীজুলি আৰক্ষীৰ জালত ৪জন ডকাইত

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 15, 2021 5:30 pm
Robbers arrested

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চল অতি সম্প্ৰতি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে।

কিছুদিন পূৰ্বে নাগ্ৰীজুলি বজাৰত নাগ্ৰীজুলি আৰক্ষীয়ে অভিযান চলাই এটি ড্ৰাগছৰ ঘটি উচ্ছেদ কৰাৰ লগতে দুই যুৱকক আটক কৰি ৰঙা ঘৰলৈ পঠিয়াইছিল।

শেহতীয়াভাৱে নাগ্ৰীজুলিৰ দোঙাৰগাঁওত পুনৰ সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা।

যোৱা ১৩ মাৰ্চৰ নিশা নাগ্ৰীজুলিৰ ৪ নং দোঙাৰগাঁওৰ সুদেৱ মণ্ডলৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰিছিল এটি ডকাইতৰ দল।

ডকাইতৰ দলটোৱে পিষ্টল, খুকৰী দেখুৱাই নগদ ত্রিশ হাজাৰ টকা আৰু  আ-অলংকাৰ লুট কৰি নিছিল।

ধন-সোণ দিবলৈ অস্বীকাৰ কৰাত ডকাইতৰ দলটোৱে মাৰধৰ কৰিছিল পৰিয়ালৰ লোকক।

দেওবাৰে পৰিয়ালটোৱে নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আজি নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে দোঙাৰগাঁওত অভিযান চলাই ডকাইতি কাৰ্যত জড়িত চাৰিজন যুৱকক আটক কৰে।

আটকাধীন ডকাইত কেইজন হ’ল ক্ৰমে ৰমে মণ্ডল (২৬), প্ৰেম কুমাৰ ৰয় (১৮), ইন্দ্ৰ মণ্ডল (২২) আৰু  সূৰ্য্য মণ্ডল( ৩২)।

এওঁলোকৰ আটাইৰে ঘৰ ৩ নং দোঙাৰগাঁও আৰু ৪ নং দোঙাৰগাঁওত।

আটকাধীন ডকাইতকেইজনক আজি বাক্সা জিলা সদৰ মুছলপুৰৰ আদালতত হাজিৰ কৰোৱা হয়।