NORTHEAST NOW (Assamese)

নেডাৰলেণ্ডক পৰাস্ত কৰি টি২০ বিশ্বকাপৰ মূল পৰ্বলৈ উন্নীত হোৱাৰ আশা সজীৱ নামিবিয়াৰ

October 20, 2021 8:32 pm · এন ই নাও নিউজ, গুৱাহাটী

ডেভিদ ৱিজৰ আক্ৰমণাত্মক বেটিঙেৰে টি২০ বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ প্ৰথম ৰাউণ্ডৰ গ্ৰুপ A খেলত নেডাৰলেণ্ডক ছয় উইকেটত পৰাস্ত কৰি চুপাৰ ১২ লৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিলে নামিবিয়াই।

ৱিজৰ প্ৰথম আন্তৰ্জাতিক অৰ্ধশতকে খেলৰ গতি সলনি কৰি নামিবিয়াক জয় প্ৰদান কৰাত মুখ্য ভূমিকা লয়। চতুৰ্থ উইকেটৰ যুটিত ৱিজে অধিনায়ক গেৰহাৰ্ড ইৰাচমাছৰ (৩২) সৈতে ৯৩ ৰাণ যোগ কৰি দলৰ জয়ৰ ভেঁটি গঢ়ি তোলে।

প্ৰতিযোগিতাখনত স্থান অক্ষুন্ন ৰাখিবলৈ নামিবিয়াক ১৬৫ ৰাণৰ প্ৰয়োজন হৈছিল। কিন্তু ন অভাৰৰ পিছত তিনি উইকেটত ৫২ ৰাণ সংগ্ৰহেৰে বিপদত পৰিছিল নামিবিয়া। কিন্তু ৱিজে এককভাৱে ডাচ্চ দলটোৰ সমুখত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে।

নেডাৰলেণ্ডৰ অধিনায়ক পিয়েটাৰ চিলাৰৰ বলত এটা ছয় কোবাই ৱিজে মাত্ৰ ২৯ টা বলত অৰ্ধশতক অৰ্জন কৰে।

তেওঁৰ ৪০ বলৰ অপৰাজিত ইনিংছটোত পাঁচটা ছয় আৰু চাৰিটা চাৰিৰে সজ্জিত আছিল।

অধিনায়ক ইৰাচমাছেও ২২ বলৰ চাৰিটা চাৰি আৰু এটা ছয়েৰে ৩২ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

এই জয়েৰে নামিবিয়াই চুপাৰ-১২ পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে আৰু এতিয়া প্ৰথম ৰাউণ্ডৰ তেওঁলোকৰ অন্তিম খন খেলত আয়াৰলেণ্ডক পৰাস্ত কৰিব লাগিব।

প্ৰথম খেলখনত নামিবিয়া শ্ৰীলংকাৰ হাতত পৰাজিত হৈছিল।

আনহাতে নেডাৰলেণ্ডে দুয়োখন খেলতে পৰাস্ত হোৱাৰ ফলত পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰায় ক্ষীণ হৈ পৰিছে।

ইয়াৰ পূৰ্বে অপেনাৰ মেক্স অ’ডউডৰ ৭০ ৰানৰ সহায়েৰে নেডাৰলেণ্ডে ১৬৪ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ নামিবিয়াৰ সমুখত থিয় কৰায়। উল্লেখ্য যে চলিত টুৰ্নামেণ্টত এইটো একেৰাহে দ্বিতীয়টো অৰ্ধশতক।

অ’ডউডে তৃতীয় উইকেটত কলিন একাৰমেনৰ (৩৫) সৈতে ৮২ ৰাণৰ মূল্যৱান যুটি বান্ধে।

তেওঁ ৫৭ বলৰ ইনিংছটোত ছয়টা চাৰি আৰু এটা ছয় কোবায়।

ডাচ দলটোৱে অভিজ্ঞ ৰোলোফ ভান ডাৰ মাৰ্ৱিৰ পৰা যথেষ্ট আশা কৰিছিল যদিও তেওঁ মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি পেচাৰ ডেভিদ ৱিজৰ বলত আউট হয়।

অলৰাউণ্ড প্ৰদৰ্শনেৰে নামিবিয়াৰ জয়ত মুখ্য ভূমিকা লোৱা ডেভিদ ৱিজ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

Related News