NORTHEAST NOW (Assamese)

‘Nas Daily’ ৰ প্ৰতিষ্ঠাপকে ল’লে ‘ফৰেষ্ট ম্যন অব ইণ্ডিয়া’ যাদৱ পায়েঙৰ সাক্ষাতকাৰ

November 11, 2019 6:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

জনপ্ৰিয় ট্ৰেভেল ব্ল’গাৰ নাছিৰ য়াছিনৰ সেহতীয়া ভিডিঅ’ত দেখা পোৱা যাব ‘ফৰেষ্ট ম্যান অব ইণ্ডিয়া’ হিচাপে খ্যাত যাদৱ পায়েঙক।

ভিডিঅ’ত যাদৱ পায়েঙক হাঁহি মাতি তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰা দেখা গৈছে।

ফেইচবুকত অতি জনপ্ৰিয় পেইজ ‘নাছ ডেইলী’ৰ সোমবাৰে প্ৰচাৰিত হ’বলগীয়া ভিডিঅ’ত যাদৱ পায়েঙৰ সৈতে ভুমুকি মাৰিব য়াছিনে।

ভিডিঅ’টোত য়াছিনে যাদৱ পায়েঙৰ প্ৰকৃতি সংৰক্ষণৰ বাবে কৰি অহা ৪০ বছৰীয়া যাত্ৰাৰ লগতে মোলাইবাৰীৰ বিষয়ে উল্লেখ কৰিব।

‘‘এই মানুহজনক বিচাৰি উলিয়াবলৈ মোক বহু সময়ৰ প্ৰয়োজন হৈছে,’’ জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ গৰাকীয়ে কয়।

‘‘মই বহু সাগৰ, পাহাৰ, নদ-নদী অতিক্ৰমি এই মানুহজনৰ আপোনালোকলৈ আগবঢ়োৱা বাৰ্তা দিবৰ বাবে আহিছো,’’ য়াছিনে পুনৰ কয়।

ভিডিঅ’টোত যাদৱ পায়েঙৰ লগতে তেওঁৰ পৰিয়াল আৰু শুভাকাংশী সকলক দেখা যাব।

ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন স্থানত প্ৰকৃতি বিষয়ত ভালেসংখ্যক আলোচনা চক্ৰত অংশগ্ৰহণ কৰা যাদৱ পায়েঙে ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

Related News