NORTHEAST NOW (Assamese)
অসম

মহাকাশত আৱিষ্কাৰ হ’ল হীৰাৰ গ্ৰহ; দেখি চকু কপালত উঠিল নাছাৰ বিজ্ঞানীসকলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2025 6:17 pm

নাছাই দিনে নিশাই বিশ্বব্ৰহ্মাণ্ডক নিৰীক্ষণ কৰি আছে। তাত ক’ত কি ঘটি আছে সেই সকলোবোৰ তথ্য এতিয়া হাতৰ মুঠিত। নাছাৰ বিজ্ঞানীসকলে এইবাৰ মহাকাশত হীৰাৰ গ্ৰহ আৱিষ্কাৰ কৰিছে।

নাছাই হাতীপটিত হীৰাৰ দৰে জিলিকি থকা গ্ৰহ এটা বিচাৰি পাইছে। তেতিয়াহ’লে ইয়াক হীৰাৰ গ্ৰহ বুলি ক’ব পাৰিনে? নাই, এতিয়াও তেনেকৈ কোৱাৰ সময় হোৱা নাই। কিন্তু এই গ্ৰহটোৰ আকাৰ পৃথিৱীতকৈ ৫ গুণ ডাঙৰ।

এই হীৰাৰ গ্ৰহটো মহাকাশত উজ্জ্বলভাৱে জিলিকি আছে। নাছাৰ বিজ্ঞানীসকলে ইয়াক এটা তৰাৰ অংশ বুলি ধাৰণা কৰিছে। তাৰ পৰাই ই এটা গ্ৰহ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াক এটা নিউট্ৰন তৰা হিচাপে ধাৰণা কৰা হৈছে।

ইয়াৰ বাহিৰৰ অংশটো যথেষ্ট উজ্জ্বল। নাছাৰ বিজ্ঞানীসকলে তাৰ পৰাই এই ধাৰণা কৰিছে। এই গ্ৰহত কাৰ্বনৰ পৰিমাণ বেছি থকা বুলিও সকলোৱে চিন্তাচৰ্চা কৰিছে। কিন্তু নাছাৰ কেমেৰাত বন্দী কৰা ছবিৰ পৰা ইয়াক পৃথিৱীতকৈ বহু ডাঙৰ উজ্জ্বল হীৰাৰ দৰে দেখা গৈছে।

নাছাৰ বিজ্ঞানীসকলৰ মতে এই হীৰাৰ গ্ৰহটো পৃথিৱীৰ পৰা ৪১ হাজাৰ আলোকবৰ্ষ দূৰত। কিন্তু ইমান দূৰৰ পৰাও ইয়াৰ পোহৰে সকলোকে আচৰিত কৰি তুলিছে। যদি সঁচাকৈয়ে এই গ্ৰহত হীৰা আছে তেন্তে ই এক আচৰিত আৱিষ্কাৰ হ’ব। কাৰ্বনৰ পৰিমাণ বেছি হোৱাৰ বাবে হীৰাৰ পৰিমাণ বেছি হ’ব পাৰে। নাছাৰ বিজ্ঞানীসকলে ইয়াক ছুপাৰ আৰ্থ নামেৰেও নামাকৰণ কৰিছে।

ইমান দূৰৈত থকাৰ পিছতো যি ধৰণে পোহৰ দিছে তাত আচৰিত হৈছে নাছাৰ বিজ্ঞানীসকল। নাছাৰ বিজ্ঞানীসকলে এই গ্ৰহক লৈ আৰু অধ্যয়ন কৰিব বিচাৰে। যদি সঁচাকৈয়ে তাত হীৰা আছে আৰু ইয়াৰ উজ্জ্বলতা ইমান বেছি তেন্তে সেয়া হ’ব এক মহাজাগতিক আশ্চৰ্য্য। বিজ্ঞানীসকলৰ মতে এই গ্ৰহৰ পৰা জিলিকি থকা বগা পোহৰে যিদৰে সকলোকে ইয়াৰ আকৰ্ষণ কৰিছে, তাতে অনাগত দিনত এই গ্ৰহটোৱে সকলোকে নিজৰ পিনে টানি নিব।