NORTHEAST NOW (Assamese)
Popular Stories

নাছাৰ মংগল অভিযান : দৰ্শকৰ বাবে মুকলি হ’ল ৰঙা গ্ৰহটোৰ কেইবাখনো ৰঙীন ছৱি আৰু ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 5:49 pm

মংগলগ্ৰহত অৱতৰণ কৰা নাছাৰ পাৰ্চাভেৰেন্স নামৰ ৰ’ভাৰখনে মংগলগ্ৰহৰ পৰা কিছু ৰঙীন ছৱি আৰু ৰ’ভাৰখনে মংগলগ্ৰহতত অৱতৰণ কৰাৰ ভিডিঅ’ প্ৰেৰণ কৰিছে। সোমবাৰে নাছাই এইসমূহ এখন সংবাদমেলযোগে মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে মংগলগ্ৰহত লোৱা ইতিহাসৰ প্ৰথমটো চাউণ্ড ৰেকৰ্ডো নাছাই লাভ কৰে।

উল্লেখযোগ্য ১৮ ফেব্ৰুৱাৰীত অৱতৰণ কৰা ৰ’ভাৰখনে প্ৰায় সাত মাহ সময় মহাকাশত পৰিভ্ৰণ কৰি আছিল। ৪৭২ মিলিয়ন কিলোমিটাৰ পৰিভ্ৰমণ কৰাৰ পাছত ঘণ্টাত ১৯,০০০ কিলোমিটাৰ বেগত সম্পূৰ্ণ সুৰক্ষিতভাৱে মংগলগ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰে।

আল চেন (Al Chen) নামৰ  নাছাৰ এগৰাকী শীৰ্ষ অভিযন্তাই কয় যে ৰঙা ৰঙৰ গ্ৰহটোৰ পৰা প্ৰেৰণ কৰা এই ছৱি আৰু ভিডিঅ’সমূহক তেওঁ ‘‘সাঁচতীয়া গুপ্তধন’’ৰ দৰে অনুভৱ কৰিছে। আনন্দ প্ৰকাশ কৰি তেওঁ আৰু কয় যে এইসমূহ চাই চাইয়ে ‘‘তেওঁলোকে গোটেই দিনটো পাৰ কৰি দিব পাৰিব’’।

 

নাছাই টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ত আগ্ৰহী দৰ্শকসকলক কোৱা হৈছে যে এই ভিডিঅ’টোৰ দ্বাৰা মংগলগ্ৰহৰ পৰিপাৰ্শ্বিক অৱস্থা, বতাহৰ গতি ইত্যাদিসমূহক সূক্ষ্মভাৱে অনুভৱ কৰিব পাৰি।

উল্লেখযোগ্য ‘পাৰ্চাভেৰেন্স’খনৰ পূৰ্বে নাছাই মংগলগ্ৰহলৈ চাৰিখনকৈ ৰ’ভাৰ প্ৰেৰণ কৰিছিল, কিন্তু ‘পাৰ্চাভেৰেন্স’খন হৈছে আটাইতকৈ অত্যাধুনিক প্ৰযুক্তিবিশিষ্ট।

আনহাতে ১৯৬০ চনৰ পৰা বৰ্তমানলৈকে ৯খন দেশে ৪৯ বাৰ মংগলগ্ৰহলৈ যান প্ৰেৰণ কৰিছে।

‘পাৰ্চাভেৰেন্স’খন আৰু ইয়াৰ স’তে জড়িত গৱেষণাৰ বাবে ব্যয় কৰা হৈছিল ২.৭ বিলিয়ন ডলাৰ আৰু সময় লাগিছিল দুবছৰ।

নাছাই আশা কৰিছে ইয়াৰ দ্বাৰা মংগলগ্ৰহত জীৱাণু আৰু জীৱসৃষ্টিৰ বাবে অনুকুল পৰিৱেশৰ বিষয়ে সম্ভেদ লাভ কৰিব।

নাছাৰ এগৰাকী বিজ্ঞানী জাষ্টিন মাকিয়ে সংবাদমেলত কৈছে যে ২০২০ চনটো বিশ্বৰ বাবে সংকটৰ বৰ্ষ আছিল আৰু শেহতীয়াকৈ মংগলপৃষ্ঠৰ এই ছৱিসমূহে এই সকলো সংকটক নেওচি অলপ হ’লেও বিশ্ববাসীৰ মন উজ্বলাই তুলিব।