NORTHEAST NOW (Assamese)

পৰিভ্ৰমী চৰাইৰ কলৰৱত প্ৰাণ পাই উঠিছে বানবিধ্বস্ত পবিতৰা : দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছেহি অভয়াৰণ্যখনত

November 26, 2020 4:15 pm · চানু গগৈ
ফ'টো:- নৰ্থ ইষ্ট নাও

পৰিভ্ৰমী পক্ষীৰ কল-কাকলিত মুখৰিত মায়ঙৰ পবিতৰা অভয়াৰণ্য। গুৱাহাটী মহানগৰৰ সমীপৰ তথা মৰিগাঁও জিলাৰ এক মাত্ৰ এশিঙীয়া গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ পৰিবেশ এতিয়া উদুলি-মুদুলি।

অভয়াৰণ্যখনত থকা জলাশয়লৈ সুদুৰ আষ্ট্ৰেলিয়া,কানাডা আৰু ছাইবেৰীয়াৰ পৰা ঢাপলি মেলি অহা পৰিভ্ৰমী চৰাইৰ মন প্ৰাণ পুলকিত কৰা দৃষ্টিনন্দন তথা মনোৰম দৃষ্য উপভোগ কৰিবলৈ পবিতৰা অভয়াৰণ্যলৈ সোঁত বৈছে পৰ্যটকৰ।

তাৰোপৰি পূৰ্ৱৰ দৰে পবিতৰা অভয়াৰণ্যৰ গড়, বনৰীয়া ম’হ, পহু,বাঘ, গাহৰি, বিবিধ সাপ আদি চাবলৈ পৰ্যটকৰ অস্বাভাৱিক ভিৰ পৰিলক্ষিত হৈছে।

ফ’টো:- নৰ্থ ইষ্ট নাও

প্ৰতি বছৰে নবেম্বৰৰ পৰা জানুৱাৰী মাহলৈ এই আলহী পক্ষীৰ আগমণ ঘটে অভয়াৰণ্যখনলৈ। আলহী পক্ষীৰ কলৰৱত মুখৰিত এনে নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ লগতে হাতী আৰু জিপ ছাফাৰিৰে আপুৰুগীয়া এশিঙীয়া গড় প্ৰত্যক্ষ কৰাৰ সুযোগ লোৱাৰ লগতে ‘হাডুক’ বিলৰ ওপৰত থকা ওলমা সেঁতুত উঠিও পৰ্যটকসকলে বিলত বিচৰণ কৰা বিবিধ পৰিভ্ৰমী পক্ষীৰ বিৰল দৃশ্য উপভোগ কৰিছে।

মনকৰিবলগীয়া যে, বিগত সময়ত ক’ৰ’ণাসৃষ্ট পৰিবেশৰ বাবে অভয়াৰণ্যখন পৰ্যটকৰ বাবে বন্ধ হৈ আছিল যদিও পৰিবেশ কিছু সলনি হোৱাত চৰকাৰ তথা অভয়াৰণ্যৰ কৰ্তৃপক্ষই অভয়াৰণ্যখনৰ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত স্বাভাৱিকতে সন্তুষ্টি প্ৰকাশ কৰিছে পৰ্টকসকল।

আনহাতে বিগত সময়ত কা’ বিৰোধ আন্দোলন, বানপানী আৰু শেহতীয়াকে ক’ৰ’ণাসৃষ্ট পৰিবেশৰ বাবে ৰাজ্যৰ পৰ্যটন উদ্যোগটো অন্যান্য দিশৰ লগতে পবিতৰা অভয়াৰণ্যৰো ৰাজহ আয়ৰ ক্ষেত্ৰত স্থবিৰতা আহিছিল।

ফ’টো:- নৰ্থ ইষ্ট নাও

পুনৰ দেশী-বিদেশী পৰ্যযটকৰ আগমণত প্ৰাণ পাই উঠিছে অভয়াৰণ্যখনে। তাৰ সমান্তৰালভাৱে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত স্থানীয় হোটেল, ৰি’জৰ্ট আদি সংস্থাসমূহৰ মুখলৈও এতিয়া আহিছে কিছু আশাৰ ৰেঙণি।

উল্লেখ্য যে উপৰ্যুপৰি বানপানীয়ে জুৰুলা কৰা অভয়াৰণ্যখনি পুনৰ পৰ্যটকৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই আটোম-টোকাৰিকৈ সজায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত কৰি গঢ়ি তুলাৰ বাবেও পৰ্যটকসকলে ভূঁয়সী প্ৰশংসা কৰা বুলি জানিব পৰা গৈছে।

Related News