NORTHEAST NOW (Assamese)

ঐতিহাসিক: ছটা দশকৰ অন্তত নাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে বাজিল ৰাষ্ট্ৰীয় সংগীত

February 22, 2021 11:44 am · এন ই নাও নিউজ
Updated: February 22, 2021 11:50 am

ভাৰতৰে এখন অংগৰাজ্য হোৱাৰ পিছতো বিগত  ৬০ টা বছৰ ধৰি এদিনৰ বাবেও নাগালেণ্ড বিধানসভাত বজোৱা হোৱা নাছিল ৰাষ্ট্ৰীয় সংগীত।

কিন্তু শেহতীয়াকৈ নাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে বজোৱা হৈছে ৰাষ্ট্ৰীয় সংগীত।

নাগালেণ্ড বিধানসভাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশৰ ভিডিঅ’ ইতিমধ্যে ভআইৰেল হৈ পৰিছে।

উল্লেখ্য ১৯৬৩ চনত দেশৰ এখন সুকীয়া ৰাজ্য হিচাবে স্বীকৃত হৈছিল নাগালেণ্ড।

ইয়াৰ আগলৈকে নাগালেণ্ড অসমৰে অংগ আছিল।সুকীয়া ৰাজ্য হিচাবে স্বীকৃত হোৱাৰ পিছতো নাগালেণ্ড বিধান সভাত বজোৱা হোৱা নাছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।

কিন্তু সুদীৰ্ঘ ছটা দশকৰ অন্তত  যোৱা ১২ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবিয়ে বিধানসভাত ভাষণ দিয়াৰ পূৰ্বে নাগালেণ্ড বিধানসভাত বাজি উঠে  ৰাষ্ট্ৰীয় সংগীত।

ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ মুহূৰ্তত থিয় দিয়ে বিধানসভাৰ সকলো সদস্যই।

নাগালেণ্ডৰ মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি তেমজেন ইমনা আলঙে এয়া নাগালেণ্ডৰ ইতিহাসত এক ঐতিহাসিক মুহূৰ্ত বুলি মন্তব্য কৰে।

বিগত ছটা দশক ধৰি নাগালেণ্ড বিধানসভাত কিয় ৰাষ্ট্ৰীয় সংগীত বজোৱা হোৱা নাছিল তাৰ কোনো সঠিক কাৰণ কোনেও ক’ব নোৱাৰে যদিও বহুতে এই বুলি মন্তব্য কৰিছে যে বিধানসভাত ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ বিষয়টো বিধানসভাৰ অধ্যক্ষই ইচ্ছা প্ৰকাশ কৰা নকৰাৰ ওপৰত নিৰ্ভৰ কৰে।

Related News