NORTHEAST NOW (Assamese)
অসম

কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেউজ বহনক্ষম আৰু উদ্ভাৱনী বিজ্ঞান সন্মিলন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 30, 2019 6:58 pm
Cotton University

কটন বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে যোৱা ২৭ আৰু ২৮ জুনত ‘সেউজ বহনক্ষম আৰু উদ্ভাৱনী বিজ্ঞান’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈ যায়।  অসম বিজ্ঞান সমিতিৰ ৬৪তম বাৰ্ষিক কাৰিকৰী সূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সন্মিলন খনৰ আৰম্ভনি অনুষ্ঠান বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত হয়।

গুৰু বন্দনা আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভনি হোৱা এই অনুষ্ঠানত বিশিষ্ট বক্তাৰূপে বক্তৃতা প্ৰদান কৰে চি এছ আই আৰ- উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সমিতিৰ সঞ্চালক ড০ অৰূপ কুমাৰ মিশ্ৰই।

সন্মিলনখনৰ আৰম্ভনি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ভৱেশ চন্দ্ৰ গোস্বামী আৰু আহ্বায়ক ড০ মনজিৎ কুমাৰ ভট্টাচাৰ্যই। উদ্বোধনী ভাষণ দিয়ে অসম বিজ্ঞান পৰিষদ আৰু প্ৰযুক্তিবিদ্যা সমিতিৰ সঞ্চালক ড০ অৰূপ কুমাৰ মিশ্ৰই।

উক্ত সন্মিলনখনত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰফেচৰ দিগন্ত কুমাৰ দাস, অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফেচৰ মোহন চন্দ্ৰ কলিতা, বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ মুখ্য অধ্যক্ষ গণেশ চন্দ্ৰ ৱাৰী।

দেশৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা সৰ্বমুঠ ৭০গৰাকী বক্তা আৰু প্ৰায় ৩১৫ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানত এখনি স্মৰণিকাও উন্মোচন কৰা হয়।

ষ্টেট বেংক অব ইণ্ডিয়া, আই অ’ চি এল, নুমলীগড় ৰিফাইনেৰী লিমিটেড, নৰ্থ-ইষ্ট কেমিকেল কৰ্পৰেচনৰ সহযোগত অনুষ্ঠিত সন্মিলনখনৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপিকা ড০ সংগীতা বৰঠাকুৰে।