চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মণ্ডলৰ যৌথ সহযোগত অহা ৩ আৰু ৪ ডিচেম্বৰ, ২০২১ তাৰিখে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰিছে।
সেই উদ্দেশ্যে কালি বিয়লী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ কাৰ্যালয়ত এখনি সংবাদ মেল অনুষ্ঠিত কৰে।উক্ত সংবাদ মেলত আয়োজক সমিতিৰ হৈ ড° বিনয়ব্ৰত ৰাজখোৱাই জনাই যে India after Independence and Vision 2047 শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।
আলোচনা চক্ৰখনত গৱেষণা-পত্ৰ পাঠৰ বাবে ইতিমধ্যে শতাধিক অধ্যাপক, গৱেষক আৰু স্নাতকোত্তৰ তথা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে।
লগতে দুয়োটা দিনৰ বিভিন্ন কাৰ্যসূচীৰ সম্পৰ্কে আলোকপাত কৰে আৰু দুয়োটা দিনৰ কাৰ্যসূচীতে সমূহ ৰাইজৰ তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আশা কৰিছে উদ্যোক্তাসকলে।