NORTHEAST NOW (Assamese)
অসম

দৰং জিলাৰ ভকতপাৰা কৃষিখণ্ডৰ অন্তৰ্গত পাণবাৰী অঞ্চলত কৃষি সজাগতা সভা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 7, 2022 5:36 pm

বুধবাৰে দৰং জিলাৰ ভকতপাৰা কৃষিখণ্ডৰ অন্তৰ্গত পাণবাৰী অঞ্চলত RAD- NATIONAL MISSION FOR SUSTAINABLE AGRICULTURE আঁচনিৰ জড়িয়তে কৃষক সকলৰ মাজত এখন সজাগতা সভা অনুস্থিত হয় কৰা হয়। এই মিছনৰ জড়িয়তে বহনক্ষম উন্নয়নৰ ৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে ৰাসায়নিক সাৰৰ প্ৰয়োগ নকৰাকৈ কিদৰে উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত কৃষক সকলৰ মাজত সজাগ কৰিবলৈ প্ৰয়াস কৰে সজাগতা সভাখনত উপস্থিত থকা ন’ডেল বিষয়া জিতেন্দ্ৰ চহৰীয়াৰ লগতে কৃষি উন্নয়ন বিষয়া ৰিজুমনি দত্তই।

সাম্প্ৰতিক সময়ৰ বতৰৰ যি সালসলনি, তাৰ লগত সামঞ্জস্য ৰাখি কিদৰে উৎপাদন ক্ষমতা অতুত ৰাখিব পাৰি তাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অৱগত কৰে বিষয়া কেইগৰাকীয়ে। অনুষ্ঠানটিত কৃষক সকলে কৃষি বিভাগৰ বিষয়া সকলৰ লগত বিভিন্ন বিষয় সন্দৰ্ভত মত-বিনিময় কৰে।

আঁচনিখনৰ বাবে যোগ্য হিতাধিকাৰী সকলৰ জৈৱিক পদ্ধতিৰ প্ৰতি থকা উৎসাহ আছিল যথেষ্ট সন্তোহজনক।এই আঁচনিখনৰ সফল ৰূপায়ন হ’লে ভূ স্ৱাস্থ্যৰ লগতে জৈৱিক খাদ্য উৎপাদনেৰে কৃষি খণ্ডৰো ক্ষেত্ৰতো সুফল পাব বুলি আশা প্ৰকাশ কৰে ন’ডেল বিষয়া জিতেন্দ্ৰ চহৰীয়াই। অনুস্থানটিত উপস্থিত থাকে জিলা মিডিয়া এক্সপাৰ্ট জ্যোতিষা শইকীয়া, গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে বহুকেইগৰাকী খেতিয়ক।