NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস : বোকাখাতত সংবাদ পৰিৱেশন সম্পৰ্কত আলোচনা সভা

November 16, 2019 4:54 pm · উত্তম শইকীয়া

বোকাখাতৰ মহকুমা প্ৰশাসন আৰু মহকুমাটোৰ সমূহ সাংবাদিকৰ সহযোগত আজি দেশৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷

পুৱা চাফাই অভিযানেৰে আৰম্ভ হোৱা কাৰ্যসূচীত মহকুমাধিপতি বিবেক শ্যাম আৰু মহকুমা আৰক্ষী বিষয়া কল্যান দাসৰ লগতে তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকীয়ে অংশগ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত বোকাখাত নাট্য মন্দিৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ‘সংবাদ পৰিৱেশন, তাৎপৰ্য অনুধাৱন- এক যাত্ৰা’ শীৰ্ষক এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হয়।

সভাত ডি ৱাই ৩৬৫ ৰ কাৰ্যবাহী সম্পাদক প্ৰানজিত শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগতে সাংবাদ মধ্যমৰ সামগ্ৰিক সমস্যাৰ ওপৰত মননশীল বক্তব্য আগবঢ়ায়।

বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাৰ কবিতা পাঠেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে মহকুমা তথ্য ও জনসংযোগ বিষয়া মামুন বৰকটকীয়ে, আদৰণী ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত ‘আপকু’ৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, জ্যেষ্ঠ সাংবাদিক বাবুলাল মোৰ আৰু মহকুমা আৰক্ষী বিষয়াই ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত সাংবাদিক সকলৰ উপৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গাওঁবুঢ়া তথা গাওঁৰক্ষী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

Related News