NORTHEAST NOW (Assamese)

চুৰি মাটিৰ মন্তব্যক লৈ বিতৰ্কত বিলি আইলিছ, পপ তাৰকাগৰাকীক উত্তৰ দিলে টংভা জনগোষ্ঠীয়ে

February 7, 2026 5:11 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়া গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত আমেৰিকাৰ জনপ্ৰিয় পপ তাৰকা বিলি আইলিছে আগবঢ়োৱা এটা বিতৰ্কিত মন্তব্যই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। বিশেষকৈ আমেৰিকাক চুৰি মাটি বুলি অভিহিত কৰাৰ পিছত আইলিছক লৈ সমালোচনা তীব্ৰতৰ হৈ পৰিছে। এই সন্দৰ্ভত এতিয়া মুখ খুলিছে কেলিফৰ্ণিয়াৰ থলুৱা টংভা জনগোষ্ঠীয়ে। বিলি আইলিছৰ মালিবুত থকা বিলাসী বাসগৃহটো যি ঠাইত অৱস্থিত, সেই মাটিখিনি আচলতে তেওঁলোকৰ পূৰ্বপুৰুষৰ বুলি জনজাতিটোৱে স্পষ্ট কৰি দিছে। তেওঁলোকে জনোৱা মতে, আইলিছে ৰাজহুৱা মঞ্চত এনে মন্তব্য কৰিছে যদিও নিজৰ সম্পত্তিৰ সন্দৰ্ভত এতিয়ালৈকে জনজাতিটোৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই।

টংভা জনগোষ্ঠীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে লছ এঞ্জেলছ অৱবাহিকাৰ প্ৰথম বাসিন্দা হিচাপে তেওঁলোকে জানে যে বিলি আইলিছৰ ঘৰটো তেওঁলোকৰ পৰম্পৰাগত ভূমিৰ ওপৰতে নিৰ্মিত। তেওঁলোকে আইলিছৰ মন্তব্যৰ সন্দৰ্ভত মন্তব্যপ্ৰদানৰ সুযোগ পোৱাটো এক ইতিবাচক দিশ বুলি গণ্য কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত পপ তাৰকাগৰাকীৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে। দেওবাৰে অনুষ্ঠিত হোৱা গ্ৰেমী বঁটাৰ মঞ্চত ৱাইল্ডফ্লাৱাৰ গীতটোৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ উঠি বিলি আইলিছে অনুপ্ৰৱেশকাৰীৰ সমৰ্থনত আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল।

বিলি আইলিছে ভাষণ প্ৰসংগত কৈছিল যে তেওঁ যিমানেই কৃতজ্ঞ নহওক কিয়, তেওঁ অনুভৱ কৰে যে আমেৰিকা এখন চুৰি কৰা ভূমিখণ্ডআৰু ইয়াৰ ওপৰত কোনো মানুহেই অবৈধ নহয়। তেওঁ প্ৰতিবাদ কৰি যোৱাৰ আৰু কণ্ঠস্বৰ সৱল কৰাৰ আহ্বান জনাই আইচিই নামৰ সংস্থাটোৰ বিৰুদ্ধেও মন্তব্য কৰিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত বিলি আইলিছক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহু লোকে প্ৰশ্ন কৰিছে যে যদি আইলিছে সঁচাকৈয়ে মাটিখিনি চুৰি কৰা বুলি ভাবিছে, তেন্তে তেওঁৰ কোটি টকীয়া অট্টালিকাটো কিয় থলুৱা জনজাতীয় লোকক ঘূৰাই দিয়া নাই।

আনহাতে, এই সমগ্ৰ বিতৰ্কৰ মাজতে ভাৰতৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ শেহতীয়া শুল্ক সম্পৰ্কীয় মন্তব্যৰ প্ৰসংগও চৰ্চালৈ আহিছে। একাংশৰ মতে ট্ৰাম্পৰ এনে স্থিতি বাণিজ্য নীতিতকৈও ব্যক্তিগত অহংকাৰৰ সৈতেহে বেছি জড়িত আছিল। বিলি আইলিছৰ ক্ষেত্ৰতো বহুতে সমালোচনা কৰি কৈছে যে মালিবুৰ দৰে দামী ঠাইত থকা নিজৰ ঘৰটো অবৈধ প্ৰব্ৰজনকাৰীক গতাই নিদিয়া পৰ্যন্ত তেওঁৰ এনে ভাষণৰ কোনো মূল্য নাই।

Related News