NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2025 1:02 pm

ভাৰতকে ধৰি বহু দেশে ৰাছিয়াৰ যুদ্ধ পৰিচালনা কৰি অহাত ইন্ধন যোগাই আহিছে। ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতি বিফল হোৱাৰ পিছতে আমেৰিকাই এই অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত এইবাৰ ভাবুকি প্ৰদান কৰিছে নাটো গোষ্ঠীয়ে। ভাৰতৰ নাম লৈ নাটোৰ মুৰব্বী মাৰ্ক ৰুটে কয় যে যদি ভাৰত, চীন, ব্ৰাজিল আদি দেশসমূহে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

নাটো গোষ্ঠীৰ মুৰব্বীজনে তিনিখন দেশৰ নাম উল্লেখ কৰি কয়, ভাৰত, চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ সৈতে ব্যৱসায় চলাই থাকে, তেওঁলোকৰ পৰা তেল আৰু গেছ ক্ৰয় কৰে, তেন্তে আপোনালোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ’ব। আৰু কয় যে মস্কো চৰকাৰে কোনো ধৰণৰ শান্তি আলোচনাক গুৰুত্বসহকাৰে লোৱা নাই। সেয়ে এই তিনিখন দেশৰ নেতাসকলক শান্তি আলোচনাৰ বাবে পুটিনৰ ওপৰত হেঁচা বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাইছে। অন্যথা এই নিষেধাজ্ঞাই তিনিওখন দেশৰ বৃহৎ ক্ষতি কৰিব বুলি ভাবুকি প্ৰদান কৰে।

বৰ্তমান ভাৰত আৰু চীনে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল ক্ৰয় কৰে। ব্ৰাজিল আৰু আন বহু দেশ এই তেল আৰু গেছৰ প্ৰধান গ্ৰাহক। আমেৰিকাই বিশ্বাস কৰে যে ভাৰত আৰু চীনৰ তেল ক্ৰয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত পুটিনৰ ‘মেৰুদণ্ড’ হিচাপে কাম কৰি আছে। গতিকে যদি ইউক্ৰেইনক সমৰ্থন কৰিবলগীয়া হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। এই সন্দৰ্ভত ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহাম আৰু ৰিচাৰ্ড ব্লুমেন্থালেও আমেৰিকাৰ কংগ্ৰেছত এখন বিধেয়ক উত্থাপন কৰিছে। ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰাৰ দাবী জনাইছে। এই বিধেয়কখনে ইতিমধ্যে ৮৪ শতাংশ সমৰ্থন লাভ কৰিছে।

ইফালে সোমবাৰে হোৱাইট হাউছত সাংবামাধ্যমক সম্বোধন কৰি ট্ৰাম্পে কয় যে, “ৰাছিয়াক দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ কোৱা হৈছে। যদিহে পুটিনে অহা ৫০ দিনৰ ভিতৰত যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে আমেৰিকাই ৰাছিয়াৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।” খবৰ অনুসৰি এই শুল্কৰ পৰিমাণ ১০০ শতাংশ হ’ব। ট্ৰাম্পৰ বাৰ্তা স্মৰণ কৰি নাটোৰ মুৰব্বীগৰাকীয়ে ভাৰতকে ধৰি অন্যান্য দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা পুনৰ সকীয়াই দিয়ে।

মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাত ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ আগ্ৰহী হৈ পৰিছে। যদিও তেওঁ পুটিনৰ সৈতে এবাৰ বা দুবাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও আমেৰিকা ইয়াত বিশেষ সফল হোৱা নাই। এই যুদ্ধ বন্ধ কৰাটোৱেই হৈছে ট্ৰাম্পৰ বাবে নিজকে শান্তিপ্ৰেমী হিচাপে বিশ্বৰ আগত উপস্থাপন কৰাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। গতিকে যিকোনো প্ৰকাৰে ভ্লাদিমিৰ পুটিনক আলোচনাৰ মেজলৈ অনাৰ বাবে সাজু হৈছে আমেৰিকা। ট্ৰাম্পৰ এই পদক্ষেপে অতিৰিক্ত শুল্ক আৰোপ কৰি ৰাছিয়া আৰু ইয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়াস কৰিছে।