NORTHEAST NOW (Assamese)
অসম

অবিশ্বাস্য যাত্ৰা! বলিউদত কাইলৈ ৰাণু মণ্ডলৰ “তেৰি মেৰি কহানী”ৰ আড়ম্বৰপূৰ্ণ মুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 7:02 pm

কাইলৈ ৰাণু মণ্ডলে কণ্ঠদান কৰা আৰু অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা “তেৰি মেৰি কহানী” শীৰ্ষক গানটোৱে আনুষ্ঠানিক মুক্তি লাভ কৰিব।

হিমেশ ৰেশমিয়াৰ নতুন ছবি “হেপ্পী হাৰ্ডি এণ্ড হীৰ”ত ৰেশমিয়াৰ সৈতে দ্বৈত কণ্ঠত গোৱা গানটোৰ টিজাৰটোৱে ইতিপূৰ্বে দেশজুৰি নৱ প্ৰজন্মৰ হৃদয়ত স্থান দখল কৰিছে।

জীৱনৰ তিনি কুৰি বসন্ত অত্যন্ত অৱহেলিত অৱস্থাত পাৰ কৰা ৰাণুৰ বাবেও কাইলৈৰ দিনটো হ’ব স্বপ্নতুল্য দিন।

কলকাতাৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত গান গাই কোনোমতে জীৱনৰথ টানি থকা ৰাণু মণ্ডলৰ প্ৰতিভাৰ স্বীকৃতিয়ে অবিশ্বাস্য উচ্চতাত হঠাতে আৰোহণ কৰিছিল এজন নিত্যযাত্ৰীয়ে তেওঁৰ গান গাই থকা মুহূৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত এৰি দিয়াৰ পাছতে।

দেশৰ সংবাদ মাধ্যমে “ইণ্টাৰনেট চাঞ্চল্য” আখ্যা দিয়া ৰাণুক প্ৰথমেই সুযোগ দিয়াসকলৰ ভিতৰত হিমেশ ৰেশমিয়া অন্যতম। তেওঁ ৰাণুৰ কণ্ঠত মুগ্ধ হৈ তৎক্ষণাত নিজৰ ছবিত সুযোগ দিয়াৰ সিদ্ধান্তটো লৈছিল। তাৰ যোগেদি নিজৰ ছবিৰো বিনামূলীয়া প্ৰচাৰ হৈছিল।

ৰেশমিয়াৰ সৈতে “তেৰি মেৰি কহানী” গীতটোত কণ্ঠদান কৰাৰ পিছতে ৰাণুৰ জনপ্ৰিয়তা অধিক বাঢ়ে আৰু এক প্ৰকাৰৰ ছাডেন চেলিব্ৰেটিত পৰিণত হয়। দেশৰ মানুহে তেওঁৰ গানটো যি ধৰণে শ্বেয়াৰ কৰিছে সেইটো অবিশ্বাস্য।

টীজাৰটো ইতিপূৰ্বে য়ু টিউবত প্ৰায় তিনি লাখ লোকে চাইছে। ইয়াৰ ৰিংটনো উপলব্ধ হৈছে।

গানটো কাইলৈ এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হ’ব, য’ত ৰাণু মণ্ডলে উপস্থিতসকলৰ মনোযোগ কাঢ়ি নিয়াৰ সম্ভাৱনা আছে।

ৰাণুৱে কণ্ঠদান কৰা প্ৰথমখন বলিউডৰ চিনেমা “হেপ্পী হাৰ্ডি এণ্ড হীৰ” প্ৰযোজনা কৰিছে দীপশিখা দেশমুখ আৰু ছবিতা মানকচান্দে।