NORTHEAST NOW (Assamese)
দেশ

গুজৰাটত জব্দ বৃ্হৎ পৰিমাণৰ ড্ৰাগছঃ পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2024 7:28 pm
drugs seized from a ship near Gujarat

ভাৰতীয় নৌসেনা আৰু নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ এক যৌথ অভিযানত মঙলবাৰে গুজৰাটৰ পোৰবন্দৰৰ সমীপত এখন জাহাজৰ পৰা প্ৰায় ৩৩০০ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ হয়। জাহাজখনৰ পাঁচজন ক্ৰুৰ সদস্যকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।

অভিযানকাৰী দলটোৱে এখন পাকিস্তানী সৰু জাহাজ জব্দ কৰি জাহাজখনৰ পৰা ৩০৮৯ কিলোগ্ৰামতকৈ অধিক চাৰা, ১৫৮ কিলোগ্ৰাম মেথামফেটামাইন আৰু ২৫ কিলোগ্ৰাম মৰ্ফিন উদ্ধাৰ কৰে।

জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য এতিয়াও বিষয়াসকলে নিৰ্দিষ্ট কৰা নাই যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰত এক কেজি চাৰাৰ মূল্য ৭ কোটি টকা বুলি জানিব পৰা গৈছে। আনহাতে মেথামফেটামাইন আৰু মৰ্ফিনসমূহৰ মূল্য ১৩০০ কোটি টকা বুলি খবৰ প্ৰকাশ পাইছে।

 

গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোয়াডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ সমীপৱৰ্তী আৰব সাগৰত এই অভিযান চলোৱা হৈছিল।

ভাৰতীয় নৌসেনাই সদৰী কৰা মতে, পোৰবন্দৰৰ সমীপত এখন সন্দেহজনক পালতোলা জাহাজ চোৰাংচোৱা বিমানে দেখা পোৱাৰ পিছতে অভিযান চলোৱা হৈছিল।