NORTHEAST NOW (Assamese)

মুম্বাই ড্ৰাগছ কাণ্ড : মুম্বাইৰ হোটেলৰ পৰা NCBএ আটক কৰিলে অন্য এগৰাকী অভিনেত্ৰীক

January 4, 2021 8:53 am ·
Updated: January 4, 2021 9:03 am

বলিউদৰ ড্ৰাগছ কাণ্ডৰ জাল ক্ৰমাৎ বহলাই নিয়া নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’(NCB)এ পুনৰ মুম্বাইৰ এখন হোটেলৰ পৰা অন্য এগৰাকী অভিনেত্ৰীক ড্ৰাগছ কাণ্ডত জড়িত থকাৰ সন্দেহত আটক কৰিছে।

সংবাদ সংস্থা এনআইএৰ বাতৰি অনুসৰি মুম্বাইৰ মীৰা ৰ’ডৰ এখন হোটেলৰ পৰা NCBএ টলিউদ(দক্ষিণ)ৰ অভিনেত্ৰীগৰাকীক আটক কৰে।

গোপন সূত্ৰৰ পম খেদি শনিবাৰে NCBএ হোটেলখনত অভিযান চলাই আৰু তাৰ পৰাই দেওবাৰে অভিনেত্ৰীগৰাকীক আটক কৰে।

NCBএ আটক কৰা অভিনেত্ৰীগৰাকী ২০ বছৰীয়া বুলি প্ৰকাশ পালেও অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই তদন্তকাৰী সংস্থাটোৱে।

ইফালে মুম্বাই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দেওবাৰে চান্দ মহম্মদ আৰু চৈয়দ নামৰ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

দুই সৰবৰাহকাৰীৰ পৰা ৮ৰপৰা ১০ লাখ টকাৰ মূল্যৰ ৪০০ গ্ৰাম মাদক দ্ৰৱ্য উদ্ধাৰ কৰা হৈছে।

আনহাতে ধৃত দক্ষিণৰ অভিনেত্ৰীগৰাকী কিদৰে মাদক দ্ৰৱ্য সৰবৰাহৰ সৈতে জড়িত হৈ পৰিলে আৰু অভিনেত্ৰীগৰাকীৰ ভূমিকা কি সেই বিষয়ে NCBএ তদন্ত আৰম্ভ কৰিছে।

NCBএ মীৰা ৰ’ডৰ সংশ্লিষ্ট হোটেলখনৰ স্বত্বাধিকাৰীগৰাকীও এই কাণ্ড জড়িত থকাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে। ইতিমধ্যে হোটেলৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীক এই সন্দৰ্ভত সোধপোচ কৰাৰ বাবে NCBএ তলৱো কৰিছে বুলি প্ৰকাশ পাইছে।

স্মৰ্তব্য যে বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদত ড্ৰাগছ কাণ্ড পোহৰলৈ আহে। ইয়াৰ পিছতে সুশান্তৰ প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তী আৰু ভাতৃসহ কেবাজনো এই কাণ্ডত জড়িত থকাৰ অভিযোগত কৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছে।

আনহাতে বলিউদৰ তাৰকা ক্ৰমে দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, অৰ্জুন ৰামপাল, চোহা আলী খান, ৰাকুলপ্ৰীটসহ বহুজনে NCBৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে।

Related News