NORTHEAST NOW (Assamese)

এন ডি এ চৰকাৰখন কৃষক, শ্ৰমিক, দুখীয়া বিৰোধী চৰকাৰ : তেজস্বী যাদৱ

September 18, 2020 2:55 pm · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়য়কৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰ জে ডিৰ নেতা তেজস্বী যাদৱ।

বিধেয়ক তিনিখনক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা তেজস্বীয়ে কয় যে মই আৰম্ভণিৰ পৰাই কৈ আহিছো যে এন ডি এ চৰকাৰখন কৃষক, শ্ৰমিক, দুখীয়া বিৰোধী চৰকাৰ।

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জন বিৰোধী আইন সমূহ জাপি দিব বিচাৰে।

এই আইন কেইখন সম্পূৰ্ণ কৃষক বিৰোধী আইন যিয়ে কৃষকক লোকচান কৰিব আৰু ইয়াৰ প্ৰভাৱ আমাৰ দেশত পৰিব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়য়কৰ প্ৰতিবাদ কৰি ইতিমধ্যে মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

বৃহস্পতিবাৰে লোকসভাত আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে মন্ত্ৰী হৰছিমৰতে পদত্যাগ কৰিব বুলি ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে মন্ত্ৰী হৰছিমৰতে পদত্যাগ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত কৃষি বিধেয়ক তিনিখন হ’ল  The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

Related News