NORTHEAST NOW (Assamese)

সুখয় যুদ্ধ বিমানৰ পৰা ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইল

October 31, 2020 10:21 am · এন ই নাও নিউজ
Updated: October 31, 2020 10:24 am

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই গ’ল ভাৰত। শেহতীয়াকৈ ভাৰতে অত্যাধুনিক যুদ্ধ বিমান সুখয় ৩০ এমকেআইৰ পৰা শব্দতকৈয়ো বেগী ব্ৰাক্ষ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰে পুৱা ৯ বজাত পঞ্জাৱৰ হালৱাৰা বিমানঘাটিৰ পৰা ব্ৰাক্ষ্মছ মিছাইল কঢ়িয়াই উৰা মাৰিছিল ভাৰতীয় বায়ুসেনা বাহিনীৰ সুখয় যুদ্ধ বিমানে।

বংগোপসাগৰত দিনৰ প্ৰায় ১.৩০ বজাত সুখয় যুদ্ধ বিমানৰ পৰা মৰি পঠিওৱা হয় ব্ৰাক্ষ্মছ মিছাইল. পূৰ্ব নিৰ্দ্ধাৰিত লক্ষ্যত মিছাইল বিধে সঠিক ভাবে আঘাত হানিবলৈ সক্ষম হয়।

উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

Related News