NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ মুখ্য মন্ত্ৰীৰ সন্তান বিভ্ৰান্তি : ক্ষমা খুজিলে এন ডি টি ভিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2019 8:07 pm

এন ডি টি ভিত সম্প্ৰচাৰিত এটা বাতৰিত অলপতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬ টা সন্তান আছে বুলি উল্লেখ কৰাক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱাত আজি চেনেলটোৰ কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ভুলঃবশত সম্প্ৰচাৰিত বাতৰিৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰি এন ডি টি ভিৰ টুইটাৰ একাউণ্টত চেনেলটোৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে, ‘We are extremely regretful that a NDTV anchor inadvertently said on air that the Chief minister of Assam, , had six children, when it is a known fact that he is unmarried.’

টুইটৰ উপৰি নিউজ চেনেলটোৱে নিজৰ চেনেলটো এই ভুলৰ ক্ষমা প্ৰাৰ্থনা সম্প্ৰচাৰ কৰে এইদৰে-

উল্লেখযোগ্য যে ২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ দিয়া নহ’ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল এন ডি টি ভিয়ে। এই বাতৰি প্ৰকাশ কৰোতে চেনেলটোৰ এগৰাকী এংকৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬ টা সন্তান আছে বুলি ভুলঃবশত উল্লেখ কৰিছিল।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ চলোৱা এই অপপ্ৰচাৰৰ নামত সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া হৈছিল।