NORTHEAST NOW (Assamese)

গাহৰিৰ জ্বৰ নিয়ন্ত্ৰণত কেন্দ্ৰৰ সহায়ৰ প্ৰয়োজন: অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ

May 12, 2020 7:49 pm · দীপজ্যোতি শৰ্মা

অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মঙলবাৰে কয় যে গাহৰিৰ আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ পৰা সহায় প্ৰয়োজন।

গুৱাহাটীত এক সংবাদ মেল যোগে এই কথা জনালে পশুধন উন্নয়ন নিগমৰ অধ্যক্ষজনে।

শইকীয়াই কয়অধিক হাৰত নমুনা পৰীক্ষা কৰা ব্যৱস্থা কৰা হৈছে৷ এই অচিন ৰোগ চিকিৎসকসকলৰ বাবে নতুন অভিজ্ঞতা।

তেওঁ জনোৱা মতে বৰ্তমানলৈকে ৰাজ্যৰ ১০খন জিলাত এই ৰোগৰ সংক্ৰমিত হৈছে আৰু ১৪৭০৭টা গাহৰিৰ মৃত্যু হৈছে৷

“আজি গোলাঘাটত ১৫৩টা গাহৰিৰ মৃত্যু হৈছে৷ ১০খন জিলাত গাহৰি কিনাবেচা নিষিদ্ধ ঘোষণা কৰা হৈছে,” তেওঁ কয়৷

তেওঁ লগতে কয় যে আফ্ৰিকান চোৱাইন ফিভাৰ গাহৰি পালকৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান হ’ব।

আনহাতে লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত মাংসৰ যোগান ধৰিছিল পশুধন নিগমে।

কিন্তু ছাগলী মাংসত লোকচান হোৱাৰ পাছতো ব্যৱসায় চলাই আছিল বুলি জনায় শইকীয়াই৷

বৰ্তমান সময়ত ব্ৰয়লাৰৰ দাম বৃদ্ধিক লৈ শইকীয়াই কয় যে বৰ্তমান ৰাজ্যত মজুত থকা ব্ৰয়লাৰৰ সংখ্যা নগণ্য৷

“বাহিৰৰ পৰা আনিছে ব্যৱসায়ীয়ে৷ কিন্ত নিৰ্ধাৰিত দামৰ বাহিৰত বিক্ৰী কৰিব নোৱাৰিব,” শইকীয়াই কয়৷

Related News