Home › দেশ ন্যায়পালিকাৰ সুৰক্ষাৰ আহ্বানৰে ২১জন প্ৰাক্তন ন্যায়াধীশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ April 15, 2024 12:27 pm · উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ২১ জন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এটা দলে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি ন্যায়পালিকাৰ স্বতন্ত্ৰতা অব্যাহত ৰখাৰ আহ্বান কৰিছে৷পত্ৰখনৰ দ্বাৰা কিছুমান দলে ন্যায় ব্যৱস্থাক দিয়া হেঁচা, ভুল তথ্য আৰু জনসাধাৰণৰ অৱমাননাৰ জৰিয়তে ন্যায়পালিকাক ভেঙুচালি কৰাৰ প্ৰচেষ্টাত উঠিপৰি লগা কাৰ্যসমূহৰ বিৰোধিতা কৰে। লগতে পঢ়ক: ছলমান খানৰ বাসগৃহত গুলীচালনাত নাম সাঙোৰ খাইছে লৰেঞ্চ বিষ্ণোই গেঙৰ এই সমালোচকসকলে সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ আৰু ব্যক্তিগত লাভৰ দ্বাৰা প্ৰেৰিত মানসিকতাই ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষয় কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে। লগতে পঢ়ক: ৰাতি ভাল টোপনিৰ বাবে মহিলা মন্ত্ৰীক সুৰাপান কৰিবলৈ আহ্বান বিজেপি নেতাৰ যদিও শীৰ্ষ আদালতকে ধৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে চিজেআইলৈ পত্ৰ লিখিবলৈ প্ৰেৰণা দিয়া কাণ্ডসমূহ নিৰ্দিষ্ট কৰা নাই, তথাপিও তেওঁলোকৰ এই পত্ৰখনত প্ৰকাশ পাইছে শাসকীয় বিজেপি আৰু বিৰোধী দলসমূহৰ মাজত একাংশ বিৰোধী নেতাৰ বিৰুদ্ধে কৰা কাৰ্যক লৈ বাকযুদ্ধৰ মাজতে দুৰ্নীতিৰ গোচৰসমূহৰ কথা বুজাব বিচাৰিছে। লগতে পঢ়ক: অন্ত পৰিল জল্পনা-কল্পনাৰ! মনোজ তিৱাৰীৰ বিৰুদ্ধে লোকসভাত অৱতীৰ্ণ হ’ব কানহায়া কুমাৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) দীপক বাৰ্মা, কৃষ্ণ মূৰাৰী, দীনেশ মহেশ্বৰী আৰু এম আৰ শ্বাহকে ধৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে আদালত আৰু ন্যায়াধীশৰ কাৰ্যক বিঘ্নিত কৰি ন্যায়িক প্ৰক্ৰিয়াত বিধি-পথালি দিয়াৰ স্পষ্ট অভিযোগ উত্থাপন কৰে।তেওঁলোকে লগতে কয় যে – “আমি পৰ্যবেক্ষণ কৰোঁ যে এই আচৰণ বিশেষভাৱে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক গোচৰ আৰু কাৰণসমূহত দেখা যায়, য’ত কিছুমান ব্যক্তিৰ সৈতে জড়িত গোচৰসমূহো অন্তৰ্ভুক্ত, য’ত ন্যায়িক স্বাধীনতাৰ ক্ষতিসাধন কৰাৰ উদ্দেশ্য পৰিলক্ষিত হয়। ‹ ছলমান খানৰ বাসগৃহত গুলীচালনাত নাম সাঙোৰ খাইছে… ৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ… › Related News১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেইJuly 10, 2026 8:46 pm · এন ই নাও নিউজ, গুৱাহাটীষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবীJuly 10, 2026 8:05 pm · এন ই নাও নিউজ, গুৱাহাটীভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰJuly 10, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটীধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যুJuly 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণJuly 10, 2026 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী