NORTHEAST NOW (Assamese)

পৰম বিশিষ্ট সেৱা মেডেল সন্মানেৰে বিভূষিত হ’ব অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা

January 25, 2022 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী

অলিম্পিক স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলীট নীৰজ চোপ্ৰাক পৰম বিশিষ্ট সেৱা মেডেল সন্মানেৰে সন্মানিত কৰা হ’ব।

অহা কাইলৈ অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়ত তাৰকা খেলুৱৈ গৰাকীক এই সন্মান প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI এ আজি টুইট কৰি কয়, “টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ৪ ৰাজপুতানা ৰাইফলছৰ সুবেদাৰ নীৰজ চোপ্ৰাই গণতন্ত্ৰ দিৱসত পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হ’ব।”

 

উল্লেখ্য যে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই যোৱা বৰ্ষত অনুষ্ঠিত টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰিছিল।

২০০৮ চনত বেইজিংত অভিনৱ বিন্দ্ৰাৰ স্বৰ্ণ জয়ৰ পিছত অলিম্পিকত ই এইয়া আছিল ব্যক্তিগত শাখাত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক।

আনহাতে ট্ৰেক এণ্ড ফিল্ড শাখাত ব্যক্তিগত ভাৱে অলিম্পিক স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল নীৰজ চোপ্ৰা।

স্মৰ্তব্য যে যোৱা বৰ্ষত নীৰজ চোপ্ৰাক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল।

Related News