NORTHEAST NOW (Assamese)
অসম

১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2022 3:23 pm
WhatsApp-Image-2021-03-13-at-10.01.41-AM-750x375

অহা ১৭ জুলাইত সমগ্ৰ দেশতে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰৱেশ পৰীক্ষা ‘নেশ্যনেল ইলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট’ (NEET)। অহা ২ এপ্ৰিলৰ পৰাই ইয়াৰ বাবে পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

মুঠ ১৩টা ভাষাত এই পৰীক্ষা লোৱা হ’ব। এইবাৰ সম্পূৰ্ণ অফলাইন মাধ্যমত পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীসকল। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা হ’ব।

ইচ্ছুক শিক্ষাৰ্থীসকলে NEET পৰীক্ষাৰ বাবে ইয়াৰ আনুষ্ঠানিক ৱেবছাইট neet.nta.nic.in-লৈ গৈ নিজৰ আবেদন দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলে অহা মে মাহৰ ৭তাৰিখলৈ নিজৰ নাম পঞ্জীয়ণ কৰিব পাৰিব।

এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কি কি নথিৰ প্ৰয়োজন?

  • পৰীক্ষাৰ্থীসকলৰ স্কেন কৰা ফটো আৰু স্বাক্ষৰ
  • দশম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
  • দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
  • আধাৰ কাৰ্ড
  • য’ত য’ত প্ৰযোজ্য তাত জাতিগত প্ৰমাণ পত্ৰ

কেনেকৈ কৰিব আবেদন? 

  • প্ৰথমতে প্ৰাৰ্থীসকলে এই পৰীক্ষাৰ বাবে থকা ৱেবছাইট nta.nic.in-লৈ যাব।
  • হোমপেজত থকা পঞ্জীয়ণ প্ৰ-পত্ৰ (Registration Form)ত ক্লিক কৰিব।
  • নিজৰ ই-মেইল আইডি আৰু মোবাইল নম্বৰ প্ৰদান কৰি নাম পঞ্জীয়ন কৰিব লাগিব।
  • পঞ্জীয়ন হোৱাৰ পিছত নিজৰ সকলো লগ ইন তথ্যসমূহ লগত ৰাখি দিব।
  • আবেদন পত্ৰৰ বাকী তথ্যসমূহ পূৰণ কৰি প্ৰয়োজনীয় সকলো নথি আপলোড কৰিব।
  • আবেদনৰ মাছুল জমা কৰিব।

মাছুল জমা দিয়া হ’লে আবেদন পত্ৰৰ এটা কপি ডাউনলোড কৰি প্ৰিন্ট কৰাই নিজৰ লগত ৰাখিব।