NORTHEAST NOW (Assamese)

ক’ৰ’না মহামাৰীৰ সময়ত নীট আৰু জেইই পীৰক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তক লৈ গ্ৰেটা থানবাৰ্গৰ খং

August 25, 2020 6:23 pm · এন ই নাও নিউজ

ছুইজাৰলেণ্ডৰ সোতৰ বছৰীয়া পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে মঙলবাৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰিছে।

থানবাৰ্গে ক’ৰ’না মহামাৰীৰ সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক নীট আৰু জেইই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰোৱা সিদ্ধান্তৰো বিৰোধিতা কৰে।

ভাৰতত ক’ৰ’না মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়ত চৰকাৰে নীট আৰু জেইই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাটো ভুল সিদ্ধান্ত বুলিও থানবাৰ্গে লগতে কয়।

থানবাৰ্গে টুইটযোগে নৰেন্দ্ৰ মোদী চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক বলপূৰ্বকভাৱে পৰীক্ষাত অৱতীৰ্ণ কৰাব বিচৰা কাৰ্য্যৰো বিৰোধিতা কৰে।

আনহাতে, গ্ৰেটাই ভাৰত চৰকাৰে অতিশীঘ্ৰে পৰীক্ষা সমূহ পিছুৱাই দিয়াৰ বাবেও আহ্বান জনায়।

কেন্দ্ৰীয় চৰকাৰে জেইই আৰু নীট পৰীক্ষা সময় মতে অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছতে গ্ৰেটাই পৰিবেশ কৰ্মী গীতাই এইদৰে মত পোষণ কৰে।

শেহতীয়া আপডেট অনুসৰি জেইই মেইন পৰীক্ষা ১-৬ তাৰিখৰ ভিতৰত অনুষ্ঠিত হোৱাৰ কথা আৰু নীট পৰীক্ষা ১৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব।

Related News