NORTHEAST NOW (Assamese)
Popular Stories

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2026 7:59 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

অপেক্ষাৰ অন্ত পৰিল। ২০২৬ চনৰ ‘NEET UG’ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে (NTA) এই ফলাফল ঘোষণা কৰে।

এই বছৰ অভিলেখ সংখ্যক—১১ লাখ ২১ হাজাৰতকৈও অধিক পৰিক্ষাৰ্থীয়ে—এমবিবিএছ, বিডিএছ, আয়ুস আৰু অন্যান্য স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এতিয়া পৰিক্ষাৰ্থীসকলে [neet.nta.nic.in](https://neet.nta.nic.in) ৱেবছাইটত গৈ পোনপটীয়াকৈ তেওঁলোকৰ স্ক’ৰকাৰ্ড চাব আৰু ডাউনলোড কৰিব পাৰিব।

একেলগে দেশৰ শীৰ্ষ দুগৰাকীঃ ৭১৫ নম্বৰেৰে প্ৰথম স্থানত আৰ্য-পানশু

এইবাৰ সৰ্বাধিক ৭২০ নম্বৰৰ লিখিত পৰীক্ষাত কোনেও সম্পূৰ্ণ নম্বৰ নাপালে। দুই ছাত্ৰ – আৰ্য গুপ্তা (পাঞ্জাৱ), পানশুল বানছাল (হাৰিয়ানা) – যৌথভাৱে ৭১৫ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। দুয়োজনে অল ইণ্ডিয়া ফাৰ্ষ্ট ৰেংক (এআইআৰ) লাভ কৰিছে।

নম্বৰৰ সমীকৰণ: ৬৯০ৰ ওপৰত কোন?

এইবাৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় যে টপাৰসকলৰ মাজত কঠোৰ প্ৰতিযোগিতা হৈছে:

৭০০তকৈ অধিক নম্বৰ লাভ কৰিছে: ১৯ জনে।

৬৯০তকৈ অধিক নম্বৰ লাভ কৰিছে: ১৩৮ জনে (ইয়াৰে ৯৩ শতাংশই প্ৰথম প্ৰচেষ্টাতে পৰীক্ষাত উত্তীৰ্ণ হৈছে, বয়স ১৭ৰ পৰা ১৯ বছৰৰ ভিতৰত)।

৬৫০ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে: ১,৪৯২ জনে।

৬০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰা: ১০,১৬০জন।

৫০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰা: ৯০,৭৮০ জন।

যোৱা ২১ জুনত সমগ্ৰ দেশ-বিদেশৰ মুঠ ৫৫৪০টা কেন্দ্ৰত ১৩টা ভাষাত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২০ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

এইবাৰো ছাত্ৰীসকলপ্ৰদৰ্শন উন্নত! ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ উত্তৰ প্ৰদেশ

পৰীক্ষাত উত্তীৰ্ণৰ হাৰত ল’ৰাক পৰাস্ত কৰি পুনৰবাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে ছোৱালীয়ে। মুঠ যোগ্য প্ৰাৰ্থীৰ ৫৮ শতাংশতকৈ অধিক ছাত্ৰী। ৰাজ্যভিত্তিক ফলাফলৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক সংখ্যক শিক্ষাৰ্থী সফল হৈছে। ১.৭ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জন কৰি চিকিৎসকৰ দৌৰত যোগ দিছে। আনহাতে, সৰ্বনিম্ন সফল পৰিক্ষাৰ্থী হৈছে কেন্দ্ৰীয় শাসিত লক্ষদ্বীপৰ (মাত্ৰ ৪৩ জন)।

ইবাৰ কাউন্সেলিঙৰ পাল: সকীয়াই দিছে এনটিএ

ফলাফল ঘোষণা হোৱাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হৈছে।

১৫% অল ইণ্ডিয়া কোটাঃ এই আসনসমূহত নামভৰ্তিৰ বাবে মেডিকেল কাউন্সেলিং কমিটীয়ে কাউন্সেলিং কৰিব।

৮৫% ৰাজ্যিক কোটাঃ ৰাজ্যৰ আসনৰ বাবে নিজ নিজ ৰাজ্যৰ কাউন্সেলিং কৰ্তৃপক্ষই নামভৰ্তি প্ৰক্ৰিয়া চলাব।

অৱশ্যে একে সময়তে এন টি এয়ে প্ৰাৰ্থীসকলক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। নামভৰ্তিৰ নামত বিয়পি থকা ভুৱা ফোন কল, ইমেইল বা আৰ্থিক কেলেংকাৰীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সকলো তথ্যৰ বাবে কেৱল চৰকাৰী ৱেবছাইটৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।