NORTHEAST NOW (Assamese)

মেলবৰ্ণৰ অনুষ্ঠানত এটকাও নাপালে নেহা কক্কৰে! লাজে-অপমানে কি ক’লে গায়িকাই?

March 28, 2025 7:57 am · এন ই নাও নিউজ, গুৱাহাটী

কিছুদিন পূৰ্বে বিতৰ্কত লিপ্ত হৈছিল নেহা কক্কৰ। মেলবৰ্ণত অনুষ্ঠান কৰিবলৈ গৈ নেহা কক্কাৰ প্ৰায় তিনি ঘণ্টাৰ পিছত উপস্থিত হয়। দৰ্শকক অপেক্ষা কৰি ৰখাৰ ফলস্বৰূপে মঞ্চত উঠি অহাৰ লগে লগে নেহাক ‘গ’ বেক’ শ্লোগানেৰে আদৰণি জনোৱা হয়। দৰ্শকৰ ক্ষোভৰ সন্মুখীন হৈ নেহাই কান্দিবলৈ আৰম্ভ কৰে।

এই ঘটনা ইণ্টাৰনেটত বিয়পি পৰাৰ লগে লগে নেহাৰ ফালে কটাক্ষৰ জোৱাৰ উঠে। এইবাৰ নেহাই নিজৰ বিষয়ে স্পষ্ট কৰিবলৈ গৈ লিখিছে, ‘মই তিনি ঘণ্টা দেৰি কৰাটোহে মাথোঁ সকলোৱে দেখিলে, কিন্তু ইয়াৰ আঁৰৰ আচল কাৰণ কোনেও নুসুধিলে। মই ইমান কথা নকওঁ, কিন্তু যেতিয়া মোৰ বিষয়ে ইমানখিনি কোৱা হ’ল, তেতিয়া আচল কাহিনীটো পোহৰলৈ অনাৰ প্ৰয়োজন।”

নেহাই লিখিছে, ‘আপোনালোকে জানেনে যে মই মেলবৰ্ণত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছো? অনুষ্ঠানৰ কৰ্মকৰ্তাসকলে মোক আৰু মোৰ সহায়কসকলক ধননিদিয়াকৈয়ে গুচি গ’ল। কেৱল সেয়াই নহয়, তেওঁলোকে আমাক পানী, খাদ্য, হোটেলৰ ব্যৱস্থাও কৰা নাছিল। মোৰ স্বামী আৰু মোৰ সহায়কসকলে বেণ্ডৰ বাকী সদস্যসকলক টকা দিছিল।’

কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ‘এই সকলোবোৰ সমস্যাৰ মাজতো মই কোনো জিৰণি নোলোৱাকৈ মঞ্চত উঠি গান গাইছো। সেই সময়ত মোৰ মনত মাত্ৰ এটা কথাই চলি আছিল, দৰ্শকে মোৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি আছে।”

Related News