NORTHEAST NOW (Assamese)
অসম

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিলে নেপাল চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2020 4:30 pm
পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিলে নেপাল চৰকাৰে

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিছে নেপাল চৰকাৰে।

নেপাল চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে ৮৮৪৮.৮৬ মিটাৰ।

মাউণ্ট এভাৰেষ্টে বৰ্তমানো পৃথিৱীৰ উচ্চতম শৃংগৰ স্থান অক্ষুণ্ণ ৰাখিছে।

১৯৫৪ চনত চাৰ্ভে অফ ইণ্ডিয়াই পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ গ্ৰহণ কৰিছিল।

প্ৰথমবাৰৰ জোখত মাউণ্ট এভাৰেষ্টৰ উচ্চতা আছিল ৮৮৪৮ মিটাৰ অৰ্থাৎ ১৯৫৪ ৰ তুলনাত বৰ্তমান মাউণ্ট এভাৰেষ্টৰ উচ্চতা .৮৬ মিটাৰ বৃদ্ধি হৈছে।

শেহতীয়াভাৱে নেপাল আৰু চীনে সন্মিলিতভাৱে মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ লৈছিল।

২০১৫ চনত নেপালত সংঘটিত হোৱা ভূমিকম্পৰ পাছত মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ পৰিৱৰ্তন হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰাৰ পাছত নেপাল চৰকাৰে নতুনকৈ মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ লোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিল।

২০১৮ চনৰ পৰা নেপালৰ চাৰ্ভে ডিপাৰ্টমেণ্টে মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ গ্ৰহণৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল।

‘‘মাউণ্ট এভাৰেণ্টৰ উচ্চতাৰ জোখ গ্ৰহণত যিসকল লোক জড়িত হৈ আছিল সকলোকে এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব’’ নেপালৰ চাৰ্ভে ডিপাৰ্টমেণ্টৰ সহকাৰী সঞ্চালক প্ৰধান সুশীল নৰাসিংহ ৰাজভাণ্ডাৰীয়ে উল্লেখ কৰে।