NORTHEAST NOW (Assamese)
অসম

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মাৰ দাবী; নিউটনৰ ৫০০ বছৰ পূৰ্বে ভাস্কৰাচাৰ্য্যই আবিস্কাৰ কৰিছিল মাধ্যাকৰ্ষণৰ সূত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2021 10:15 am

ছাৰ আইজাক নিউটনে মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰৰ ৫০০ বছৰ পূৰ্বে ভাস্কৰাচাৰ্য্যই মাধ্যাকৰ্ষণৰ সূত্ৰ উদ্ভাৱন কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে।

ভাস্কৰাচাৰ্য্যৰ কিতাপ ১২১০ খীষ্টপূৰ্বতে প্ৰকাশ পাইছিল আৰু উক্ত কিতাপতে মাধ্যাকৰ্ষণৰ বিষয়ে উল্লেখ আছে বুলি কে পি শৰ্মা অ’লিয়ে লগতে কয়।

ইপিনে, ভাস্কৰাচাৰ্য্যই মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰ কৰাৰ পাছতো তেওঁলোকৰ পাঠ্যপুথিতো ছাৰ আইজাক নিউটনেহে মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰ কৰিছিল বুলি উল্লেখ কৰা হৈছে বুলি অ’লিয়ে ক্ষোভ ব্যক্ত কৰে।

উল্লেখযোগ্য যে, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে প্ৰায়ে বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি আহিছে।

ইয়াৰ পূৰ্বে অ’লিয়ে ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিকলৈয়ো বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।

অ’লিয়ে শ্ৰীৰাম চন্দ্ৰৰ জন্ম ভাৰতৰ উত্তৰ প্ৰদেশৰ নহয় নেপালতহে হৈছিল বুলি মন্তব্য কৰিছিল।

অ’লিয়ে অযোধ্যা নামৰ নেপালৰ এখন গাঁৱতহে ৰামচন্দ্ৰৰ জন্ম হৈছিল বুলি কয়।

কে পি শৰ্মা অ’লিৰ ৰামচন্দ্ৰক লৈ কৰা মন্তব্যৰ পাছতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও ভাৰতৰ চৰকাৰৰ তৰফৰ পৰা ইয়াৰ কোনোধৰণৰ আনুষ্ঠানিক প্ৰত্যুত্তৰ দিয়া হোৱা নাছিল।