NORTHEAST NOW (Assamese)
অসম

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত তামিলনাডুৰ হাতত শোচনীয় পৰাজয় অসমৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2021 9:49 am

চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ দ্বিতীয়খন খেলত শোচনীয় পৰাজয়ৰ সন্মুখিন হৈছে অসম।

কলকাতাৰ ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে নিশা অনুষ্ঠিত হোৱা খেলখনত তামিলনাডুই ১০ উইকেটত পৰাস্ত কৰে অসমক।

অসমে খেলখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত সাত উইকেটৰ বিনিময়ত ১২৬ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ ৰাজাকুদ্দিন আহেমেদে সৰ্বাধিক ২৯ ৰান কৰাৰ লগতে ৰিয়ান পৰাগে ২৪ ৰান আৰু পল্লৱ কুমাৰ দাসে ১৯ ৰানৰ বৰঙণি আগবঢ়ায়।

ইপিনে, ১২৭ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি খেলিবলৈ নমা তামিলনাডুৱে মাত্ৰ ১৫ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয়।

তামিলনাডুৰ হৈ নাৰায়ণ জগদীছানে ৭৮ ৰান আৰু চি হৰি নিচান্তে ৪৭ ৰান কৰি অপৰাজিত হৈ থাকে।

অসমে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত হায়দৰাবাদৰ বিৰুদ্ধে বিজয়ী হৈছিল।