NORTHEAST NOW (Assamese)
অসম

ভাৰতে দখল কৰা নেপালৰ ভূমি আমি ঘুৰাই ল’ম : নেপালী প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 10:10 pm

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ভাৰতৰ সৈতে দ্বন্দ্ব অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে নেপালৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আলোচনা আৰু কুটনৈতিক প্ৰচেষ্টাৰ দ্বাৰা ভাৰতে দখল কৰি লোৱা নেপালৰ ভূমি ঘুৰাই ল’ব বুলি মন্তব্য কৰে।

ভাৰতে এখন কৃত্ৰিম কালি নদী নিৰ্মাণ কৰি নেপালৰ ভূমি কালাপানী দখল কৰিছে বুলিও অ’লিয়ে অভিযোগ কৰে।

নেপালৰ শেহতীয়া মানচিত্ৰত দেশখনে ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিমপিয়াধুৰাক অন্তৰ্ভূক্ত কৰি নিজৰ বুলি দাবী কৰিছে।

ক’ৰ’নাৰ সংক্ৰমণত সময়ত ইয়াৰ পূৰ্বেও নেপালৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে একাধিক ভাৰত বিৰোধী মন্তব্য দাঙি ধৰিছে।

অ’লিয়ে কিছু দিন পূৰ্বে ভাৰতৰ পৰা নেপাললৈ উভতি যোৱা লোক সকলৰ ভিতৰত ৮৫ শতাংশই ক’ৰ’না আক্ৰান্ত বুলি কৈছিল।

পূৰ্বে নেপালী প্ৰধান মন্ত্ৰী গৰাকীয়ে ভাতৰৰ পৰা অহা ক’ৰ’নাৰ ভাইৰাছ চীন আৰু ইটালীতকৈ ভয়ংকৰ বুলি বিস্ফোৰক মন্তব্য কৰিছিল।

চীনৰ দ্বাৰা অনুপ্ৰাণিত হৈ নেপালে শেহতীয়াভাৱে ভাৰত বিৰোধী কাৰ্য্যকলাপ আৰম্ভ কৰিছে বুলি ভাৰতৰ কুটনৈতিক বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।