NORTHEAST NOW (Assamese)
অসম

নেপালত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০,০০০ অতিক্ৰম; ২৪ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 10:55 am

ভাৰতৰ চুবুৰীয়া দেশ নেপালত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে।

মঙলবাৰে নেপালত ৫৩৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা নতুনকৈ সংক্ৰমিত হৈছে।

মঙলবাৰে নেপালত নতুনকৈ ক’ৰ’না সংক্ৰমিত হোৱা ৫৩৮ গৰাকী লোকৰ সৈতে নেপালত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১০,০০০ সীমা অতিক্ৰম কৰিছে।

নেপালত এতিয়ালৈ ১০,০৯৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই কথা মঙলবাৰে টুইটাৰ যোগে প্ৰকাশ কৰে।

নেপালৰ ৭৭ খন জিলাৰ ভিতৰত ৭৬ খন জিলাত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

জ’ন হোপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈ নেপালত চিকিৎসাৰ অন্তত ২,২২৪ গৰাকী লোক সুস্থ হৈ উঠিছে।

দেশখনত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ২৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে নেপালত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰিছে।

অ’লিয়ে ভাৰতৰ পৰা নেপাললৈ উভতি যোৱা লোক সকলৰ ভিতৰত ৮৫ শতাংশ লোকে ক’ৰ’না পজিটিভ বুলি মন্তব্য কৰিছিল।