NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিগৰাকী ছাত্ৰ-ছাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 1:28 pm
road accident

আজি ৰাতিপুৱা গুৱাহাটীত সংঘটিত এক পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল কেইবা গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী। ৰাতিপুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটীৰ মালিগাঁৱত এখন স্কুলীয়া বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনিজন ছাত্ৰ-ছাত্ৰীৰ উপৰি অন্য দুগৰাকী লোক আহত হয়।

জানিব পৰা মতে জি এম চিৰ এখন জাৱৰ কঢ়িওৱা ডাম্পাৰে (এছ ০১ জি চি ২০৩০) এছ ০১ এ জেদ ২৫১৪ নম্বৰৰ এখন ছুইফ্ট ডিজেয়াৰত খুন্দা মাৰে। যাৰ ফলত ডিজেয়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন বাছত খুন্দিয়াই। আৰু বাছখনে খুন্দিয়াই ডিভাইডাৰত। এইদৰে সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত চুইফ্ট ডিজেয়াৰৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়। আনহাতে বাহনখনত থকা আন এজনো সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়।

ইফালে আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী তিনিজনক স্বাগত হস্পিতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে বাছখনত বৰাগাঁওস্থিত প্ৰাগজ্যোতিষ ছিনিয়ৰ ছেক’ণ্ডাৰি স্কুলৰ ছাত্ৰ-ছাত্ৰী আছিল।