NORTHEAST NOW (Assamese)

নীপকোৱে এৰি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী

August 10, 2023 2:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 10, 2023 3:36 pm

নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ১০.৩০ বজাত ৰিজাৰ্ভাৰটোৰ দুখন গেট খুলি পৰ্যায়ক্ৰমে কিছু পানী এৰি দিয়া হৈছে বুলি NEEPCO কৰ্তৃপক্ষই জানিবলৈ দিছে। 

আজি পুৱা ৯.৩০ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩২১.৯০ মিটাৰ। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰি কিছু পানী এৰি দিয়া হৈছে বুলি NEEPCO ই জনাইছে। অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব। 

ইয়াৰ পূৰ্বে যোৱা ৮ আগষ্টত NEEPCO কৰ্তৃপক্ষই জনাইছিল যে জলস্তৰ বৃদ্ধি পাই থাকিলে ইএল ৩২১মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ’ব। এই পানী গোলাঘাট জিলাত প্ৰৱেশ কৰোঁতে প্ৰায় ৮ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।

দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক শংকিত নহৈ সতৰ্ক হ’বলৈ আহ্বান জনাইছে। 

জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। 

পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে আৰু জনসাধাৰণক আতংকিত নহৈ এই সময়ছোৱাত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। 

সৰুপথাৰ ৰাজহ চক্ৰত দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব পৰা গাঁওসমূহ হৈছে বৰবালি, বাৰঘৰিয়া, ১ নং হেৰহেৰি, ২ নং হেৰহেৰি, দীঘলী পথাৰ, আমগুৰি, বছাপথাৰ, সৰুপাভাজন, মিৰি গাঁও, বিলগাঁও, বৰডুবি, অভংপথাৰ, ন বিল, ৰঙাগড়া, গেলাবিল, দীঘলগঞ্জা, ৰেংমা বাগান আদি।

আনহাতে সৰুপথাৰ ৰাজহ চক্ৰত ধনশিৰি নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব পৰা গাঁওসমূহ বিলপথাৰ, নাওজান, ১ নং চুঙাজান, ১ নং কৈৰি, ২ নং কৈৰি, ১ নং পানজান, ২ নং পানজান, নগাজুৰি, শিমলুচাপৰি, ১ নং পদুমনি, ২ নং পদুমনি, ১ নং পাৰঘাট, ১ নং দুবৰণি, শিঙিমাৰী, ধনশিৰি পাৰ, ১ নং তেঙানি, ২ নং তেঙানি আদি।

ইয়াৰ উপৰি ধনশিৰি মহকুমাৰ খেৰবাৰী, ১ নং মধুপুৰ, ২ নং মধুপুৰ, দ কুঁৱলী, দয়ালপুৰ আদি বন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

আকৌ গোলাঘাট ৰাজহ চক্ৰত দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব পৰা গাঁওসমূহ ১ নং জামুগুৰি, কালুজান, মলানহানিটুপ, কুঁৱৰী পথাৰ, গোৱালটুপ, ঘগুৰা পথাৰ, নোগোৰা, আইটনী মিৰি গাঁও, কাছমাৰী অঞ্চল আদি।

ইয়াৰ উপৰি ৰাজহ চক্ৰটোৰ অধীনৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ ৩ নং সোণালী পথাৰ, গৰৈ বিল, ৪ নং সোণালী পথাৰ, পদুম পথাৰ, সৰু পানী, ধৰমপুৰ, দুবৰণি, বিয়াকৰোৱা (হাতজপনি), তেলিশাল টোপ, গিলানপুৰ, চাংখাতি, দৈয়াং পাৰ, গোলকপুৰ,চিতল মাৰি, মদাৰগুৰি, দৈমুগুৰি, হিৰিম্বাপুৰ, আমগুৰি, মুচৰভাঙা, ৰূপজ্যোতি গাওঁ, চেগুন টোপ, ২ নং চৰাইমাৰি আদি বন গাঁও দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা আছে। 

গোলাঘাট ৰাজহ চক্ৰত ধনশিৰি নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব পৰা গাঁওসমূহ হ’ল গজালিটুপ, দ চমুৱা, হাঁহচৰা, ধনশিৰিপাৰ, ভোলাগুৰি, ন পমুৱা, কাঠকটিয়া, বেঙেনাখোৱা গ্ৰান্ট আদি।

খুমটাই ৰাজহ চক্ৰত ধনশিৰি নদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাওঁসমূহ হৈছে ১ নং শ শাওতলি, ২ নং শাওতলি , বগৰিয়নি, ১ নং বুটলিখোৱা, ২ নং বুটলিখোৱা, লেটেকু চাপৰি, বুটলিখোৱা টুপ, হেলচিজান, চুঙ্গিহোলা, চৌকনা বিল , সোঁনাৰিগাওঁ, কমাৰগাঁও আদি।

বোকাখাত ৰাজহ চক্ৰত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাঁওসমূহ পাৰঘাট, ধোদাং, নুমলীগড়, নুমলীগড় ব্লক, কাৰোনিহুলা, ৰিৰি, নিকৰি, এলেংমাৰি, হাঁহচৰা আদি।

মৰঙি ৰাজহ চক্ৰত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাঁওসমূহ হ’ল মইনাপাৰা, বেবেজিয়া, ৩ নং  কৈৱৰ্ত, আবৰঘাট, মৰঙি বাগান, লেটেকু চাপৰি আদি।

Related News