NORTHEAST NOW (Assamese)

ICC Cricket World Cup 2023: স্বপ্নভংগ বাংলাদেশৰ! নেদাৰলেণ্ডৰ বলিং বিক্ৰমৰ আগত আত্মসমৰ্পন ছাকিব বাহিনীৰ

October 29, 2023 9:46 am · এন ই নিউজ, গুৱাহাটী

বিশ্বকাপৰ পৰা প্ৰায় বাহিৰ হোৱাৰ পথত বাংলাদেশ। কলকাতাৰ ইডেন গাৰ্ডেনত নেদাৰলেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিলে বাংলাদেশে। শনিবাৰৰ মেচখনত নেদাৰলেণ্ডে ৫০ অভাৰত ২২৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এই ৰাণ অতিক্ৰম কৰিবলৈ গৈ মুখথেকেচা খাই পৰিল ছাকিব আল হাছানৰ বাহিনী। ৪২.২ অভাৰত মাত্ৰ ১৪২ ৰান সংগ্ৰহ কৰিয়েই  হাত দাঙিলে বাংলাদেশে।

নেদাৰলেণ্ডৰ সৈতে হোৱা খেলখনত বহুতে বাংলাদেশক ফেভাৰিট বুলি গণ্য কৰিছিল। কিন্তু নেদাৰলেণ্ডৰ ২২৯ ৰান অনুসৰণ কৰাৰ সময়ত বাংলাদেশৰ বেটিং লাইনআপ তাচৰ পাতৰ দৰে খহি পৰিল। মূলতঃ বেটিং বিপৰ্যয়ৰ বাবে ছত্ৰভংগ দিবলগীয়া হ’ল লিটন দাস আৰু সংগীসকল।

যদি বাংলাদেশে এই মেচখন জিকিব পাৰিলেহেঁতেন তেন্তে বিশ্বকাপৰ শেষ চাৰিখনলৈ যোৱাৰ আশা সজীৱ হৈ থাকিলহেঁতেন। কিন্তু বাংলাদেশী বেটছমেনসকল ডাচ বলাৰৰ সন্মুখত যিদৰে বিধ্বস্ত হৈ পৰিল, বাংলাদেশৰ বাবে শেষ চাৰিটা স্থানলৈ যোৱাৰ পথ মুকলি নহ’ল।

বাংলাদেশৰ বেটিং লাইনআপত শেষত মেহদী হাছানৰ ৩৫ আৰু মুস্তাফিজুৰৰ ২০ ৰানৰ বাহিৰে বাংলাদেশৰ বেটছমেনসকলে নেদাৰলেণ্ডৰ সন্মুখত কোনো ধৰণৰ প্ৰতিৰোধ আগবঢ়াব নোৱাৰিলে। এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে তামিম ইকবালৰ দৰে খেলুৱৈক কিয় বিশ্বকাপৰ পৰা আঁতৰাই ৰখা হ’ল।

বেটিং কৰিবলৈ গৈ নেদাৰলেণ্ডে প্ৰায় উত্থান-পতনৰ মাজেৰে পঞ্চাশ অভাৰ অতিক্ৰম কৰে। এটা সময়ত ৪ ৰানতে ২ টা উইকেট পৰিছিল। সেইদৰে ৪ টা উইকেট হেৰুৱাইছিল ৬৮ ৰানত। অৱশেষত তেওঁলোকে ২২৯ ৰানত ইনিংছ সামৰে।

মোস্তাফিজুৰ ৰহমানৰ বলটো দুবাৰকৈ কেচ তুলি দিছিল ডাচ অধিনায়ক স্কট এডৱাৰ্ডে। তেওঁৰ ইনিংছ শূন্য ৰাণতে শেষ হোৱাৰ কথা। কিন্তু এবাৰ লিটন দাসে তেওঁক জীৱন দান দিয়ে। তাৰ এটা বলৰ পাছত মুছফিকে তেওঁক পুনৰ ৰক্ষা কৰে। এডৱাৰ্ডে অৰ্ধ শতক অৰ্জন কৰে। অৱশেষত মুস্তাফিজে তেওঁক ৬৮ ৰানত স্তব্ধ কৰে। এডৱাৰ্ডছ আৰু এংগেলব্ৰেক্টাৰে মিলি ৭৮ ৰান সংগ্ৰহ কৰে।

ইপিনে, বাংলাদেশৰ ইনিংছত লিটন আৰু তাঞ্জিদে সতৰ্কতাৰে আৰম্ভণি কৰে যদিও লিটনে ১২টা বলত মাত্ৰ ৩ ৰান কৰি উভতি যায়। তাঞ্জিদে স্কট এডৱাৰ্ডছক কেচ দি ঘূৰি আহে। মাত্ৰ ১৯ ৰানত দুয়োটা অ’পেনাৰক হেৰুৱায় বাংলাদেশে। মেহদি হাছান আৰু মুস্তাফিজুৰে কিছু প্ৰতিৰোধ কৰিছিল যদিও শেষত বাংলাদেশৰ সকলো প্ৰতিৰোধৰ অন্ত পৰে ১৪২ ৰানত।

Related News