NORTHEAST NOW (Assamese)
Popular Stories

শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াক নেদাৰলেণ্ডে ঘূৰাই দিব ঔপনিৱেশিক কালত লুটি নিয়া প্ৰাচীন ৰত্নভাণ্ডাৰ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 7, 2023 3:49 pm

নেদাৰলেণ্ডে নিজৰ ঔপনিৱেশিক কালত ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ পৰা লৈ যোৱা শ শ বহুমূলীয়া সামগ্ৰী ঘূৰাই দিবলৈ সাজু হৈছে।

ঘূৰাই দিবলগীয়া সম্পদসমূহৰ ভিতৰত আছে ৰত্নেৰে আবৃত ব্ৰঞ্জৰ কামান আৰু মূল্যৱান ধাতুৰে নিৰ্মাণ কৰা বিভিন্ন চাৰু-কাৰুমূলক সামগ্ৰী।

উল্লেখ্য যে এক আবেদনযোগে শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াই উক্ত সম্পদ ভাণ্ডাৰ ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল।

আন দেশসমূহেও শেহতীয়াকৈ লুট-পাত কৰি লৈ অনা বহুমূলীয়া সামগ্ৰীসমূহ ঘূৰাই দিবলৈ আৰম্ভ কৰিছে ৷ উদাহৰণস্বৰূপে ১৮৯৭ চনৰ বৃটিছ সামৰিক অভিযানৰ সময়ত নেদাৰলেণ্ডৰ পৰা লৈ অনা বহু মূল্যৱান সামগ্ৰী বৃটিছ আৰু জাৰ্মান মিউজিয়ামে নেদাৰলেণ্ডক ঘূৰাই দিবলৈ চুক্তবদ্ধ হৈছে।

শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াক মূল্যৱান সামগ্ৰীসমূহ ঘূৰাই দিয়াৰ সময়ত নেদাৰলেণ্ডৰ সাংস্কৃতিক মন্ত্ৰী গুনাই উছলুৱে কয় যে প্ৰথমবাৰৰ বাবে আমি এনে কিছুমান বস্তু ঘূৰাই দিছো, যিবোৰ কেতিয়াও নেদাৰলেণ্ডত থাকিব নালাগিছিল। কিন্তু আমি কেৱল বস্তুৱেই ঘূৰাই দিয়া নাই। আমি আচলতে ইণ্ডোনেচীয়া আৰু শ্ৰীলংকাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিছোঁ।

এই সম্পত্তি সমূহৰ ভিতৰত আছে ১৮৯৪ চনত ইণ্ডোনেছিয়াৰ লম্বক দ্বীপৰ ৰাজপ্ৰসাদৰ পৰা ডাচ ঔপনিৱেশিক সেনাই লুটপাত কৰা মণি, বহুমূলীয়া শিল, সোণ আৰু ৰূপৰ ভঁৰাল।

উল্লেখ্য যে শ্ৰীলংকাই ১৮ শতিকাৰ ব্ৰঞ্জৰ এটা কামান নেদাৰলেণ্ডৰ পৰা ঘূৰাই ল’ব, যিটো ১৭৪০ চনত কেণ্ডিৰ ৰজাক শ্ৰীলংকাৰ এজন অভিজাত ব্যক্তিয়ে উপহাৰ হিচাপে দিছিল।

১৭৬৫ চনত ডাচ সৈন্যই শ্ৰীলংকাৰ কেণ্ডি ৰাজ্য আক্ৰমণ কৰি জয় কৰাৰ সময়ত এই কামান ডাচসকলৰ হাতত পৰিছিল বুলি ধাৰণা কৰা হৈছে।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, শিল্পকলা সম্পৰ্কে গৱেষণা কৰা ডাচ কমিটীয়ে চৰকাৰক আহ্বান জনায় যে উৎস দেশখনে অনুৰোধ কৰিলে পূৰ্বৰ ডাচ উপনিৱেশে লুটপাত কৰা যিকোনো সাংস্কৃতিক সামগ্ৰী বিনাচৰ্তে ঘূৰাই দিয়া হ’ব।

কমিটিখনৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে এই অন্যায়ৰ স্বীকৃতি আৰু প্ৰতিকাৰক মূল নীতি হিচাপে লৈ নেদাৰলেণ্ডে নিজৰ ঔপনিৱেশিক অতীতৰ দায়িত্ব ল’ব লাগিব।