NORTHEAST NOW (Assamese)
Popular Stories

টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 11:09 am
টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চলি থকা তৃতীয় টেষ্টৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ৩৩৮ ৰানত অন্ত পেলাই ভাৰতীয় বলাৰে।

ঘৰুৱা দলটোৱে নিজৰ প্ৰথম ইনিংছত ১০৫.৪ অভাৰ খেলিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়া দলৰ হৈ ষ্টিভ স্মিথে ১৩১ আৰু মাৰ্নছ লেবুচানেই ৯১ ৰানৰ ইনিংছ খেলে।

মেচৰ প্ৰথম দিনটোত অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন হিচাপে অভিষেক ঘটা বিল পুকোবস্কিয়ে ৬২ ৰানৰ এটা আকৰ্ষণীয় ইনিংছ খেলিছিল।

ইফালে স্মিথে আজি টেষ্ট ক্ৰিকেটত নিজৰ ২৭ সংখ্যক শতকীয় ইনিংছটো খেলে। আৰু ইয়াৰ লগে লগে তেওঁ বহু মহান খেলুৱৈক অতিক্ৰম কৰি এটা অনন্য কৃতিত্বৰ অধিকাৰী হয়।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত শীৰ্ষ স্থানত অধিষ্ঠিত হ’ল ষ্টিভ স্মিথ।

ভাৰতৰ বিৰুদ্ধে মাত্ৰ ২৫টা ইনিংছ খেলি স্মিথে এই পৰ্যন্ত ৮টা শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে।

আনহাতে ৱেষ্ট ইণ্ডিজৰ গেলী ছোবৰ্ছ, ভিভি্য়ান ৰিচাৰ্ডছ আৰু অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিঙেও ভাৰতৰ বিৰুদ্ধে ৮টা শতকীয় ইনিংছ খেলিছে। কিন্তু স্মিথৰ তুলনাত আটাই কেইগৰাকীয়ে বেছি ইনিংছ খেলিবলগীয়া হৈছিল।

তালিকাখন তলত উল্লেখ কৰা হ’ল

 বেটছমেন                                           ইনিংছ                    শতক

১. ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া)                         ২৫                        ৮

২. গেলী ছোবৰ্ছ (ৱেষ্ট ইণ্ডিজ)                 ৩০                        ৮

৩. ভিভ ৰিচাৰ্ডছ (ৱেষ্ট ইণ্ডিজ)                ৪১                         ৮

৪. ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া)                     ৫১                        ৮

৫. এভাৰ্টণ উইকছ (ৱেষ্ট ইণ্ডিজ)             ১৫                        ৭

৬ জেক কালিছ (দক্ষিণ আফ্ৰিকা)          ৩১                        ৭

৭. মাইকেল ক্লাৰ্ক (অষ্ট্ৰেলিয়া)                ৪০                        ৭

৮. শিৱনাৰায়ণ চন্দ্ৰপ’ল (ৱেষ্ট ইণ্ডিজ)     ৪৪                        ৭

৯. ক্লাইব লয়ড (ৱেষ্ট ইণ্ডিজ)                  ৪৪                        ৭

১০. এলেয়াষ্টাৰ কুক (ইংলেণ্ড)                ৫৪                        ৭

উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচৰ শৃংখলাৰ প্ৰথম দুখন মেচত ৰান কৰাত সম্পূৰ্ণৰূপে বিফল হৈছিল ষ্টিভ স্মিথ।

উল্লেখ্য যে এডিলেইডত প্ৰথম ইনিংছত ১ ৰান কৰি আউট হৈছিল আৰু দ্বিতীয় ইনিংছত ১ ৰানত নটআউট হৈ আছিল।

ইয়াৰ পিছৰ মেলবৰ্ণত হোৱা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত শূন্যতে পেভেলিয়নলৈ উভতিছিল। আৰু দ্বিতীয় ইনিংছতো মাত্ৰ ৮ ৰান কৰি আউট হৈছিল।

উল্লেখ্য যে প্ৰথম দুখন টেষ্টত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত তৃতীয় টেষ্টত শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰাত অষ্ট্ৰেলিয়া দলৰ বাবে ভাল খবৰ।