NORTHEAST NOW (Assamese)
অসম

লোকসভাত গৃহীত গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক; চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰ পৰা কৰিব নোৱাৰিব এই ৬ টা কাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 12:57 pm
computer-india-559_080117033538

চৰকাৰী কাৰ্য্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য চুৰি আদি সক্ৰান্তীয় ঘটনা ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কঠোৰ নীতি তথা গাইড লাইন জাৰি কৰিছে।

গৃহ মন্ত্ৰণালয়ৰ কঠোৰ নিয়মৰ আধাৰত সেয়েহে এতিয়াৰে পৰা তলত উল্লেখ কৰা কাম সমূহ যদিহে আপুনি চৰকাৰী চাকৰিয়াল কৰিব নোৱাৰিব-

১. আপুনি বিভাগীয় অনুমতি অবিহনে চৰকাৰী কাৰ্য্যালয়ৰ পৰা য়ু এচ বি ডিভাইছ (USB device) বাহিৰলৈ লৈ যাব নোৱাৰিব।

২. আপুনি কাৰ্য্যালয়ৰ বিভাগীয় ফোন অথবা কম্পিউটাৰৰ পৰা ফেইচবুক, টুইটাৰ আদি কোনোধৰণৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।

৩. নতুন নিয়মৰ অধাৰত নিৰ্দিষ্ট প্ৰয়োজনীয় তথ্য সংৰক্ষণৰ ক্ষেত্ৰত গুগোল ড্ৰাইভ, আই-ক্লাউদ আৰু অন্যান্য ক্লাউদ চাৰ্ভিছ সমূহ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

৪. এতিয়াৰে পৰা শ্ৰেণীবদ্ধ তথ্যসমূহ ই-মেইলছৰ মাধ্যমেৰে পঠোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

৫. কোনোধৰণৰ চৰকাৰী ই-মেইল ৰাজহুৱা ৱাই-ফাই সংযোগৰ দ্বাৰা খুলিব পৰা নাযাব।

৬. নতুন নীতিৰ আধাৰত সংবেদনশীল তথ্যবোৰ বিভাগীয় অনুমিত থকা ৰিমোভেবল মিডিয়া ষ্টোৰেজতহে থব পাৰিব।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বিধেয়ক উত্থাপন কৰি এনেধৰণৰ স্পৰ্শকাতৰ বিষয়সমূহ উল্লেখ কৰে।

আনহাতে, নতুন নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বিধেয়কখনৰ বিপৰীতে মাত্ৰ ছয়টা বিৰোধী ভোট পৰে আৰু ই সফল ভাৱে লোকসভাত গৃহীত হয়।