NORTHEAST NOW (Assamese)
Popular Stories

চি বি আইৰ জালত ৰাজ্যৰ বিজেপি বিধায়কৰ ভাতৃ; মুঠ ৭জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 12:10 pm
CBI-570x320

ভাৰত-বাংলা সীমান্তত বি এছ এফৰ বি অ’ পি নিৰ্মাণ আৰু সীমান্ত ফেনচিঙৰ নামত সংঘটিত দুৰ্নীতি আৰু উৎকোচ লেনদেনৰ অভিযোগত ৰাজ্যৰ বিজেপি বিধায়কৰ ভাতৃসহ ৭ গৰাকীকৈ ব্যক্তি চি বি আইৰ জালত পৰিছে।

কালি শ্বিলং, কলকাতা আৰু দিল্লীৰ পৰা অহা চি বি আইৰ এটা দলে শিলচৰত বিলাসীপাৰাৰ বিজেপি বিধায়ক অশোক সিংহীৰ ভাতৃ বিনোদ সিংহী আৰু ৰাকেশ মোহন কাটোৱাল নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

ইয়াৰে বিনোদ সিংহী গৌতম কনষ্ট্ৰাকছন লিঃৰ সঞ্চালক হোৱাৰ বিপৰীতে ৰাকশ মোহন কাটোৱাল এন পি চি চিৰ উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক মহা প্ৰৱন্ধক৷ তেওঁলোকৰ উপৰি গুৱাহাটী, দিল্লী, গোৱালিয়ৰ আৰু জলপাইগুৰিৰ পৰা আন ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

বিজেপি বিধায়ক অশোক সিংহীৰ ভাতৃ বিনোদ সিংহী

উল্লেখযোগ্য যে যোৱা দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ বি অ’ পি নিৰ্মাণৰ দায়িত্বত থকা গৌতম কনষ্ট্ৰাকছনৰ কৰ্মচাৰী ৰমেশ কুমাৰে এন পি চি চিৰ বিষয়া ৰাকশ মোহনৰ আত্মীয় সুনীল কুমাৰক ২৫ লাখ টকা উৎকোচ দিয়াৰ সময়ত চি বি আয়ে দুয়োকে হাতে লোটে ধৰা পেলায়।

পিছত তেওঁলোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ পৰা গৌতম কনষ্ট্ৰাকছনৰ আন এজন সঞ্চালক আনিশ বৈদ্য, জলপাইগুৰিৰ পৰা এন পি চি চিৰ প্ৰৱন্ধক (অভিযান্ত্ৰিক) লতিফুল পাছা আৰু দিল্লীৰ পৰা ধৰ্মেন্দ্ৰ কুমাৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে গৌতম কনষ্ট্ৰাকছনক বিল মোকলাই দিয়াৰ বাবদ ৰাকেশ মোহন কাটোৱালে কোম্পানীটোৰ পৰা প্ৰায় ৪০ লাখ টকা কমিছন বিচাৰিছিল।

সোমবাৰে শিলচৰত গ্ৰেপ্তাৰ হোৱা বিনোদ সিংহী আৰু ৰাকেশ মোহন কাটোৱালক কাছাৰ জিলা দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰি ট্ৰেনজিত ৰিমাণ্ডত আজি পুৱা চি বি আইৰ দলে দিল্লীলৈ লৈ যায়।