NORTHEAST NOW (Assamese)

ধোনীৰ ম’মৰ মূৰ্তি নিৰ্মাণ কৰি বিড়ম্বনাৰ সন্মুখীন মহীশূৰৰ ৱাক্স মিউজিয়াম কৰ্তৃপক্ষ

October 8, 2022 1:28 pm · এন ই নাও নিউজ, গুৱাহাটী

Netizen trolls after Picture of MS Dhoni’s wax statue কেৱল পৃথিৱীৰ বিভিন্ন প্ৰান্ততে নহয়, ভাৰতত বহুতো ম’মৰ মূৰ্তিৰ সংগ্ৰহালয় (ৱাক্স মিউজিয়াম) আছে। সেইবোৰত বিখ্যাত লোকসকলৰ ম’মৰ মূৰ্তি আছে।

কৰ্ণাটকৰ মহীশূৰৰ ৱাক্স মিউজিয়ামত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এটা ম’মৰ মূৰ্তি স্থাপন কৰা হৈছে। ইতিমধ্যে এইটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

শুকুৰবাৰে এজন টুইটাৰ ইউজাৰে ধোনীৰ ম’মৰ মূৰ্তিৰ এখন ফটো পোষ্ট কৰে যিটোৱে ইতিমধ্যে ৬০০০ লাইক পাইছে। লগতে ১০০ তকৈও অধিক কমেন্টো আহিছে।

লগতে পঢ়ক: নিলামত এটুকুৰা বিৰল গোলাপী হীৰাৰ দাম উঠিল প্ৰায় ৪৮ কোটি টকা

বহুতৰ মতে ধোনীৰ মুখখন তেওঁৰ ম’মৰ মূৰ্তিৰ সৈতে মিলা নাই। কিছুমানে কয় যে ধোনীৰ ম’মৰ মূৰ্তিটো ৰাৱালপিণ্ডি এক্সপ্ৰেছ ছোৱেইব আখটাৰৰ দৰে দেখা গৈছে। ধোনীৰ মুখৰ সৈতে সাদৃশ্যৰ অভাৱৰ বাবে চামুণ্ডেশ্বৰী ৱাক্স মিউজিয়াম কৰ্তৃপক্ষ ট্ৰ’লৰ সন্মুখীন হ’ব লগা হৈছে। বিভিন্ন মন্তব্যৰে ভৰি পৰিছে সামাজিক মাধ্যম।

প্ৰসিদ্ধ ক্ৰিকেট লিখক জাৰাদ কিম্বাৰে কৈছে, ‘কোনো মিল নাই’। এজনে আকৌ কৈছে, “ধোনীৰ ম’মৰ মূৰ্তি দেখি মোক ৰণবীৰ কাপুৰৰ কথা মনত পেলাই দিছে।‘’ সেয়াই নহয়, আন এজনে কয়, “চুপ কৰক, এয়া ছোৱেব আখটাৰ, ধোনী নহয়।‘’ তাতে সুৰ মিলাই এজনে ক’লে, “অহো! ছোৱেব মালিকে ভাৰতীয় দলৰ জাৰ্চি পিন্ধি আছে।‘’ 

Related News