NORTHEAST NOW (Assamese)
দেশ

দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত ৰাজীৱ কুমাৰ: দেওবাৰে ল’ব দায়িত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2022 2:57 pm
Chief Election Commissioner

নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক আজি দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।

আইন মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত কোৱা হৈছে যে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ স্থানত ১৫ মে’ত ৰাজীৱ কুমাৰে দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ ১৪ মে’ত কাৰ্যকাল সমাপ্ত হ’ব।

আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এক টুইট যোগে এই অধিসূচনাখন ৰাজহুৱা কৰাৰ লগতে ৰাজীৱ কুমাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে ১৯৮৪ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰাজীৱ কুমাৰে ২০২০ চনৰ ফেব্ৰুৱাৰীত বিত্ত সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

তাৰ পিছত তেওঁক ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২০ চনৰ ৩১ আগষ্টলৈকে ৰাজহুৱা উদ্যোগ বাছনি পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্ত আছিল।

২০২০ চনত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।