NORTHEAST NOW (Assamese)

শত্ৰুতা কিয়! ক্ৰীড়াবিদে নেজানে একতা বিনে, একতাৰ ধিয়ানতে তন্ময়…

September 11, 2023 1:17 pm · মনজিৎ দত্ত
Updated: September 11, 2023 2:00 pm

‘বিচ্ছন্নতাৰ নীতি নালাগে
কাম্য সমন্বয়
ক্ৰীড়াবিদে নেজানে একতা বিনে
একতাৰ ধিয়ানতে তন্ময়’— সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ এই কলিয়ে জনমানসত সোঁৱৰাই দিয়ে ক্ৰীড়াৰ লক্ষ্য, উদ্দেশ্যৰ কথা। শান্তিৰ প্ৰাঙ্গণত এইদৰেই উজলি উঠে ক্ৰীড়াৰ বিশুদ্ধতা।

‘দুই চিৰবৈৰীৰ মুখামুখি….’- ক্ৰীড়াবিশ্বত ভাৰত-পাকিস্তানৰ মুখামুখি মানেই সংবাদ মাধ্যম শিৰোনামত জিলিকি উঠে এই শিৰোনাম, কিছু লোকৰ মনতো হয়তো ভাহি উঠে এই বাক্যশাৰীয়ে। পিছে ক্ৰীড়াই জানো শত্ৰুতাৰ কথা কয়!

এটা সময় আছিল, ভাৰত বনাম পাকিস্তানৰ মেচত খেলপথাৰৰ মাজত প্ৰায়েই দেখা যায় দুয়ো দলৰ সদস্য বাকবিতণ্ডাত লিপ্ত হোৱাৰ দৃশ্য। এই দৃশ্যই যেন লাহে লাহে থিতাপি ল’লে ক্ৰিকেট অনুৰাগীৰ মনত, যেন ভাৰত বনাম পাকিস্তান বুলিলে এই দৃশ্যহে চিনাকি।

পিছে খেলপথাৰৰ এনে আচৰণৰ পিছতো খেলুৱৈসকলৰ মাজত খেলপথাৰৰ বাহিৰত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কিছু কিছু কাহিনী শুনিবলৈ পোৱা যায়। পিছে এই বন্ধুত্বপূৰ্ণ সম্পৰ্কতকৈ যেন গুৰুত্বপূৰ্ণ খেলপথাৰৰ শত্ৰতাপূৰ্ণ আচৰণহে!।

অতীতৰ এই দৃশ্য এতিয়া অতীতেই হ’ল। এতিয়া পূৰ্বৰ সেই বাক-বিতন্দাৰ পৰিৱৰ্তে খেলপথাৰত দেখা যায় দুই-দেশৰ ২২ গজৰ ৰথী-মহাৰথীসকলৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক। শেহতীয়াকৈ ভাতৰ-পাকিস্তানৰ মেচসমূহত প্ৰায়েই দেখিবলৈ পোৱা গৈছে এই দৃশ্য।

প্ৰকৃত ক্ৰীড়ানুৰাগী সকল যেন সুখী, এয়াইটো ক্ৰীড়া, ক্ৰীড়াৰ লক্ষ্য যে এয়াই। ভূপেন দাই কোৱাৰ দৰে, এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গন…। শেহতীয়া মেচসমূহত ভাৰত-পাকিস্তানৰ খেলুৱৈসকলৰ এনে সম্পৰ্কৰ দৃশ্যহমূহে এতিয়া ঠাই লৈছে সকলোৰে মনত।

এনে ক্ৰীড়াসুলভ নিদৰ্শনৰ আন এক বহি:প্ৰকাশ ঘটিল এছিয়া কাপৰ কালিৰ ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে। দুই দেশৰ বলিং আক্ৰমণৰ দুই মূলস্তম্ভ স্বৰূপ শ্বাহীন শ্বাহ আফ্ৰিদী আৰু যশপ্ৰীত বুমৰাহে দাঙি ধৰিলে এই নিদৰ্শন।

কিছুদিনৰ পূৰ্বে সাংসাৰিক জীৱনৰ প্ৰথমটি সন্তানৰ পিতৃ হ’ল যশপ্ৰীত বুমৰাহ। এই গুৰুত্বপূৰ্ণ সময়ত পুত্ৰ-পত্নীক সংগ দিয়াৰ উদ্দেশ্যে এছিয়া কাপৰ মাজতে দেশলৈ ঘূৰি আহিছিল বুমৰাহ। অৱশ্যে পাকিস্তানৰ বিৰুদ্ধে চুপাৰ ৪ ৰ মেচৰ বাবে পুনৰ দললৈ ঘূৰে তাৰকাগৰাকী।

কালি বৰষুণৰ বাবে মেচখন স্থগিত ৰাখিব লগা হয়। তাৰ পিছতে নতুনকৈ পিতৃত্বৰ স্বাদ লভা বুমৰাহক শুভেচ্ছা জনাবলৈ আগবাঢ়ি আহে শ্বাহীন শ্বাহ আফ্ৰিদী। হাতত এটা উপহাৰৰ টোপোলা। বুমৰাহলৈ এই উপহাৰ আগবঢ়াই কৰমৰ্দন কৰি অভিনন্দন জনায় আৰু কামনা কৰে বুমৰাহৰ পৰিয়ালৰ সুখ-শান্তি।

 

এই দৃশ্য লগে লগে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। প্ৰশংসাত উথলি উঠে প্ৰকৃত ক্ৰীড়ানুৰাগীসকল। ক্ৰীড়াৰ জয়গানেৰে উপচি পৰে সামাজিক মাধ্যম। পূৰ্বৰ সেই বাক-বিতন্দাৰ তথাকথিত ‘চিৰবৈৰী’ দৃশ্য মচি দৰ্শকৰ মনত আঁকি দিয়ে ভাতৃত্ববোধৰ দৃশ্য।

বুমৰাহ-শ্বাহীনৰ এই দৃশ্যই ভৱিষ্যতলৈ প্ৰজন্মৰ পিছত প্ৰজন্মক আকোৱালি লওক। ক্ৰীড়া বুলিলেই সকলোৰে অন্তৰত ধ্বনিত: হওক, ‘বিচ্ছন্নতাৰ নীতি নালাগে/কাম্য সমন্বয়/ক্ৰীড়াবিদে নেজানে একতা বিনে/একতাৰ ধিয়ানতে তন্ময়……..।’

Related News