NORTHEAST NOW (Assamese)
Popular Stories

ৱায়নাডত আকৌ নতুন বিপদৰ আগজাননী ! প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী বতৰ বিভাগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2024 1:48 pm

কেৰেলা্ৰ ৱায়ানাডলৈ আকৌ নতুন বিপদ আহি আছে নেকি? বৰ্তমান এইধৰণৰ আশংকা প্ৰকাশ কৰা হৈছে। কাৰণ,বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱ্না আছে। আৰু এই বৰষুণৰ বাবেই বানপানীৰ সৃষ্টি হ’ব পাৰে। ফলত এই আশংকা কৰা হৈছে।

বুধবাৰে ‘মৌছম ভৱন“ ৱায়্নাডৰ কেইবাটাও স্থানত সতৰ্কবাণী জাৰি কৰে। বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ ২৪ ঘণ্টাত ৱায়নাড আৰু কোজিকোডত ৭০ৰ পৰা ২০০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু সেই কাৰণেই নতুন বিপদ দেখা পোৱা গৈছে। বুধবাৰে বতৰ বিজ্ঞানীৰ এটা দলে জনোৱা মতে, কেইঘণ্টামানৰ ভিতৰতে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে ৱায়ানাডত ভূমিস্খলন সংঘটিত হয়। বুধবাৰৰ পৰা ৱায়নাড আৰু কোজিকোডত বৰষুণ দি আছে। ধাৰাসাৰ বৰষুণৰ বাবে ৩০ জুলাইৰ পৰিস্থিতিৰ পুনৰাবৃত্তিৰ পৰা হাত সাৰিবলৈ জিলাসমূহক আগতীয়াকৈ সকীয়াই দিয়া হৈছে।

‘মৌছম ভৱন’ৰ মুৰব্বী মৃত্যুঞ্জয় মহপাত্ৰই কয় যে ভাৰতৰ পশ্চিম উপকূলত কিমান বৰষুণ পৰিব পাৰে তাৰ পূৰ্বাভাস নিয়মীয়াকৈ দিয়া হয়। একে সময়তে তেওঁ দাবী কৰে যে ৩০ জুলাইত কেৰালাতো চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছিল। যোৱা নিশা ৩০ জুলাইত ৱায়নাডত চাৰিবাৰকৈ ভূমিস্খলন হৈছিল। ইয়াৰ বাবেই মুণ্ডক্কাই, চুৰালমালা, ভেলাৰীমালা আদি কেইবাখনো গাঁও প্ৰায় নিঃশেষ হৈ গ’ল। সেই পতনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছিল। বহুতো নিৰুদ্দিষ্ট হৈছে। পতনৰ পাছৰ পৰিণতি শেষ হোৱাৰ লগে লগে ৱায়নাডত বিপদৰ নতুন ডাৱৰে আছ্ন্ন কৰিবলৈ ধৰিছে।