NORTHEAST NOW (Assamese)
ক্ৰীড়া

লিংগ সমতাৰ পক্ষত বিচিচিআই: পুৰুষ, মহিলা উভয় ক্ৰিকেটাৰৰ বাবে সম মেচ মাচুল ঘোষণা বিচিচিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2022 7:47 pm
BCCI

বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি দেশৰ ক্ৰিকেট ক্ষেত্ৰত লিংগ সমতাৰ নিদৰ্শন দাঙি ধৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰীড়াক্ষেত্ৰত চলি অহা লিংগ বৈষম্য দূৰীকৰণৰ বাবে বিচিচিআই- এ দেশৰ পুৰুষ আৰু মহিলা, উভয় ক্ৰিকেটাৰৰ বাবে মেচ মাচুল সমান হ’ব বুলি ঘোষণা কৰিছে।

দেশৰ মহিলা ক্ৰিকেটাৰসকলৰ স্থান পুৰুষ ক্ৰিকেটাৰৰ সমপৰ্যায়ৰ কৰাৰ লক্ষ্যৰে বিচিচিআই- এ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিচিচিআইৰ বাৰ্ষিক চুক্তিত চুক্তিবদ্ধ জ্যেষ্ঠ মহিলা ক্ৰিকেটাৰসকলে পুৰুষ ক্ৰিকেটাসকলদ সমানে মেচ মাচুল উপাৰ্জন কৰিব বুলি নিশ্চিত কৰিছে বিচিচিআইৰ সচিব জয় শ্বাহে।

এক টুইট যোগে জয় শ্বাহে কয়, “লিংগ বৈষম্যৰ মোকাবিলাৰ দিশত বিচিচিআইৰ এই প্ৰথম পদক্ষেপ ঘোষণা কৰি মই যথেষ্ট আনন্দিত। আমি বিচিচিআইৰ চুক্তিবদ্ধ মহিলা ক্ৰিকেটাৰসকলৰ বাবে সম বেতন নীতি ৰূপায়ণ কৰিছো। আমি ক্ৰিকেটত লিংগ সমতাৰ এক নতুন যুগলৈ আগবাঢ়িছো আৰু সেয়ে পুৰুষ-মহিলা উভয় ক্ৰিকেটাৰৰ বাবে খেলৰ মাচুল একে হ’ব।”

শ্বাহে সদৰী কৰা অনুসৰি পুৰুষ ক্ৰিকেটাৰসকলৰ দৰেই এতিয়া মহিলা ক্ৰিকেটাৰসকলে টেষ্টত ১৫ লাখ টকা, এদিনীয়াত ৬ লাখ টকা আৰু টি-২০ ত ৩ লাখ টকাকৈ লাভ কৰিব। ‘সম বেতন আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ প্ৰতি মোৰ প্ৰতিশ্ৰুতি আছিল আৰু তেওঁলোকলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে মই ব’ৰ্ডৰ শীৰ্ষ পৰিষদক ধন্যবাদ জনাইছো।”—শ্বাহে টুইটটোত লগতে কয়।

আনহাতে বিচিচিআইৰ সদ্যনিযুক্ত সভাপতি ৰ’জাৰ বিন্নীয়ে এক বিবৃতিত কয়: “আজি আমাৰ শীৰ্ষ পৰিষদৰ বৈঠকত আমি দেশৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবে সম বেতনৰ ওপৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মহিলা খেলুৱৈসকলক পুৰুষ ক্ৰিকেটাৰসকলৰ দৰে সম মাচুল পৰিশোধ কৰা হ’ব।”

মহিলা ক্ৰিকেট আৰু সামগ্ৰিকভাৱে ক্ৰীড়াক্ষেত্ৰৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি আশা প্ৰকাশ কৰি বিন্নীয়ে লগতে এই সিদ্ধান্তই ক্ৰিকেটৰ বিকাশৰ এক মঞ্চ নিৰ্ধাৰণ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে এনে সিদ্ধান্ত ঘোষণা কৰিছিল। দেশখনৰ মহিলাৰ ৰাষ্ট্ৰীয় দল আৰু ঘৰুৱা মহিলা খেলুৱৈসকলে পুৰুষ ক্ৰিকেটাৰৰ দৰেই সমান মেচ মাচুল লাভ কৰিব বুলি নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছিল।