NORTHEAST NOW (Assamese)
অসম

VB variant: কোভিডৰ দৰেই এইচ আই ভিৰ নতুন প্ৰজাতিয়ে সৃষ্টি কৰিছে আতংকৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 4, 2022 4:34 pm
VB variant: কোভিডৰ দৰেই এইচ আই ভিৰ নতুন প্ৰজাতিয়ে সৃষ্টি কৰিছে আতংকৰ

ক’ৰ’না ভাইৰাচে ডেল্টা, অমিক্ৰন আদিৰ ৰূপত মূৰ দাঙি উঠাৰ দৰেই বিশ্বত আতংকৰ সৃষ্টি কৰা এইচ আই ভিয়েও এতিয়া ৰূপ সলাবলৈ ধৰিছে। উল্লেখ্য প্ৰতিকাৰহীন ৰোগ এইডচ সৃষ্টিকাৰী ভাইৰাচ বিধেই হৈছে এইচ আই ভি।

শেহতীয়াকৈ এইচ আই ভিৰ এবিধ নতুন প্ৰজাতি আৱিষ্কাৰ হৈছে নেডাৰলেণ্ডত । নতুনকৈ আৱিষ্কাৰ হোৱা এইচ আই ভিৰ এই নতুন প্ৰজাতি বিধৰ নাম বিজ্ঞানীসকলে ৰাখিছে ভি বি বুলি।

সাধাৰণ এইচ আই ভিতকৈ ভি বি প্ৰজাতি বিধ অতি বুলি কৈছে বিজ্ঞানীসকলে।

ভি বি প্ৰজাতিত আক্ৰান্ত লোকসকলৰ দেহত ভাইৰেল লোড বহু গুণে বাঢ়ি যায়। এইচ.আই.ভি. সংক্ৰমণতকৈ প্ৰায় চাৰিগুণ বেছি ভাইৰেল লোড বৃদ্ধি পায়। সাধাৰণতে এইচ আই ভিত আক্ৰান্ত জনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ভি বি প্ৰজাতিত আক্ৰান্ত হোৱাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এইচ আই ভিতকৈ দুগুণ বেছি পৰিমাণে কমি যায়। ফলত তেওঁলোক অতি কম দিনৰ ভিতৰতে এইডছত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিগ ডাটা ইনষ্টিটিউটৰ বিজ্ঞানীসকলে নেদাৰলেণ্ডৰ একাংশ বিজ্ঞানীৰ সৈতে লগ লাগি চলোৱা গৱেষণাৰ তথ্য শেহতীয়াকৈ এখন বিজ্ঞান পত্ৰিকাত প্ৰকাশ কৰিছে। এণ্টিৰেট্ৰোভাইৰেল থেৰাপীয়ে এই ভাইৰাচ বিধকো নিয়ন্ত্ৰণত ৰাখিব পাৰি বুলি কৈছে বিজ্ঞানীৰ দলটোৱে।

ভি.বি. প্ৰকাৰটো ২০১৮ চনত ১৭ জন লোকৰ দেহত ধৰা পৰিছিল। এইচ আই ভিৰ এই নতুন প্ৰজাতিটোকলৈ গৱেষণা চলি আছে ।

এই প্ৰজাতিবিধ এইচ আই ভিত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ থকা কোনো লোকৰ দেহত বিকশিত হোৱাৰ সম্ভাৱনা থকা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।