NORTHEAST NOW (Assamese)
অসম

অসমত কঠোৰ যান-বাহন আৰক্ষী; হেলমেট নিপিন্ধা বাবে জব্দ হ’ল স্বয়ং আৰক্ষী বিষয়াৰ দুচকীয়া বাহন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2019 10:26 am
Assam trafic police

দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯।

বুধবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগৰ কেইবাটাও দলে নথি-পত্ৰ নথকা বাহন আৰু চালকৰ ওপৰত অভিযান চলায়।

জিলা পৰিবহন বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত  নিয়ন ভংগকাৰী সাধাৰণ লোকৰ লগতে আৰক্ষী বিষয়াও সাৰি যাব নোৱাৰিলে।

পৰিবহন বিভাগৰ সূত্ৰই জানিব দিয়া মতে, বুধবাৰে পুলিচ ৰিজাৰ্ভৰ এগৰাকী আৰক্ষী বিষয়াই হেলেট নিপিন্ধাকৈ দুচকীয়া বাহন চলাই আহিছিল যাৰ বাবে পৰিবহন বিষয়াই আৰক্ষী বিষয়া গৰাকীয়ে চলাই অহা দুচকীয়া বাহনখন জব্দ কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত দায়িত্বত থকা পৰিবহন বিষয়া এগৰাকীয়ে আৰক্ষীয়ে যদি নিয়ম উলংঘা কৰে তেন্তে সাধাৰণ লোকক তেওঁলোকে কি উত্তৰ দিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বুধবাৰে পৰিবহন বিভাগে চলোৱা অভিযানত ২০ টাৰো অধিক যান-বাহন আইন উলংঘা কৰাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নতুন কৈ সংশোধিত যান-বাহন আইন অনুসৰি হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱা, চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চীট বেল্ট পৰিধান নকৰা, প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নথকা, গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ নথকা আদিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণত জৰিমনা বিহা হৈছে।