NORTHEAST NOW (Assamese)
অসম

১১ অক্তোবৰৰ পৰা মাজুলী-নিমাতীৰ মাজত চলিব ১০ কোটি টকীয়া ৰ’-ৰ’ জাহাজ

Posted by: মিটু খাটনিয়াৰ October 9, 2018 7:05 pm
New Ship at Majuli

নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু সুগম কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে অহা ১১ অক্টোবৰৰ পৰা কমলাবাৰী-নিমাতীঘাটৰ মাজত আৰম্ভ হ’ব অত্যাধুনিক ৰ’-ৰ’ জাহাজৰ চলাচল।

অহা ১১ অক্তোবৰত মুখ্য মন্ত্ৰী সোণোৱালে মাজুলীৰ কমলাবাৰীঘাটৰ পৰা ‘এমভি ভূপেন হাজৰিকা’ নামকৰণ কৰা এই ৰ’-ৰ’ জাহাজখনৰ সেৱা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ।

New Ship at Majuli

আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সঞ্চালক ভাৰতভূষণ দেৱচৌধুৰীয়ে আজি মাজুলীত প্ৰকাশ কৰা মতে ৪৬.৫০ মিটাৰ দীঘল আৰু ১৩.৩০ মিটাৰ বহল এই জাহাজখনৰ একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫ টনকৈ সামগ্ৰী পৰিবাহী ৮ খন ট্ৰাক বা ২৫খন সৰু গাড়ী কঢ়িওৱা ক্ষমতা আছে।

গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰে মাজুলীলৈ আনি থকা ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি ৰাজ্য চৰকাৰক অৰ্পণ কৰা ৰ’-ৰ’ জাহাজখন কাইলৈ পুৱাৰ ভাগত নিমাতিঘাট আহি পাবহি।