NORTHEAST NOW (Assamese)
অসম

ভাৰতত নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰিলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

Posted by: এন ই নাও নিউজ October 9, 2018 7:12 pm
CM-Norway

নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰি কৃষি, মীন, উদ্যান শস্য, শক্তি তথা অন্যান্য পাৰস্পৰিক স্বাৰ্থজৰিত বিষয়ৰ সহযোগিতাৰ ওপৰত আলোচনা কৰে।

সাক্ষাৎকালত নৰৱেৰ ৰাষ্ট্ৰদূত গৰাকীয়ে তেওঁৰ দেশে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধী খাদ্য শস্য তথা অন্যান্য উদ্ভিদৰ ওপৰত এলানি গৱেষণাৰ কাৰ্য্যসূচী বিস্তৃতভাৱে কৰিছে বুলিও কয়। ৰাষ্ট্ৰদূত গৰাকীয়ে অসমৰ সৈতে দেশখনে গৱেষণাৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাসমূহ বিনিময় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যাতে ৰাজ্যখনতো জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধী বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে খাদ্য শস্য উৎপাদনত সহায়ক হয়। আলোচনা কালত দুয়োগৰাকী নেতাই পাৰস্পৰিক বিনিয়োগেৰে লাভান্বিত হোৱাৰ বিষয় সমূহো আলোচনা কৰে। ৰাষ্ট্ৰদূত গৰাকীয়ে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নৰৱেৰ কোম্পানীসমূহক ৰাজ্যখনত বিনিয়োগৰ বাবে আহ্বান জনাব বুলিও কয়।

ৰাষ্ট্ৰদূত গৰাকীয়ে দুয়োখন ভূখণ্ডৰ মাজত পাৰস্পৰিক বিনিময়ৰ কাৰ্য্যসূচী বৰ্দ্ধিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ পৰ্য্যটন, আতিথ্য, জৈৱিক কৃষি, ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, তথ্য প্ৰযুক্তি ইত্যাদিৰ দিশত থকা সম্ভাৱনীয়তাৰ বিষয়ে ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰসমূহত বিনিয়োগেৰে উভয়ে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে বুলিও ব্যক্ত কৰে।

আলোচনাৰ সময়ত শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসো উপস্থিত আছিল।