NORTHEAST NOW (Assamese)

মহা শিৱৰাত্ৰীৰ প্ৰাকক্ষণত “ভাং খাই মহাদেৱে” শীৰ্ষক গীতৰ শুভমুক্তি

February 28, 2022 7:12 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মনোজ দুৱৰাই কণ্ঠদান কৰা “ভাং খাই মহাদেৱে” মিউজিক ভিডিঅ’টোৱে শুভমুক্তি লাভ কৰে।

গুৱাহাটীৰ সাংবাদিক মনোজ দুৱৰাই কন্ঠদান কৰা “ভাং খাই মহাদেৱে” শীৰ্ষক গীতটো ৰচনা কৰিছে পৰমেশ নাথে।

আনহাতে গীতটোৰ সুন্দৰকৈ সংগীত ব্যৱস্হাপনা কৰিছে জনপ্ৰিয় শিল্পী পাপু লেফ্টিবেছে।

নগাঁৱৰ মহা মৃত্যঞ্জয় মন্দিৰৰ অতি সুন্দৰ মনোমোহ‍া ঠাইত দৃশ্যগ্ৰহণ কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে গীতটোৰ মিউজিক ভিডিঅ’।

সোমবাৰে বহু সংখ্যক সাংবাদিক আৰু শুভাকাংক্ষীৰ উপস্থিতিত শুভমুক্তি দিয়া হয় গীতটোৰ।

গীতটোৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে গীতটোৰ লগত জড়িত কলা কুশলী সকলৰ লগতে জনপ্ৰিয় সাংবাদিক ঋতুষ্মিন শৰ্মা,জ্যোতিদ্বীপ বৈশ্য।

Related News