NORTHEAST NOW (Assamese)

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 23, 2025 9:07 am

চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অসম চৰকাৰে ডাঃ অভিজিৎ ‎শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিছে।

জি এম চি এইচৰ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত ডাঃ শৰ্মাই কেইবামাহো ‎ধৰি জটিল চিকিৎসাধীন হৈ আছে।

জুন মাহত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ‎ইনষ্টিটিউট অৱ কাৰ্ডিয়াক ছায়েন্সলৈ স্থানান্তৰ কৰা হয়। ‎

ডাঃ শৰ্মাৰ সকাহৰ পাছত জিএমচিএইচৰ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ দেৱজিৎ ‎চৌধুৰীক জিএমচিএইচৰ অধীক্ষকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ‎

ইয়াৰ পূৰ্বে ডাঃ চৌধুৰীয়ে জি এম চি এইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অধীক্ষক (ভাৰপ্ৰাপ্ত) হিচাপে ‎কাৰ্যনিৰ্বাহ কৰি আছিল আৰু এতিয়া সেই দায়িত্বৰ পৰা মুক্ত হৈছে।

ইফালে জি এম চি এইচৰ ফাৰ্মাক’লজী বিভাগৰ সহযোগী অধ্যাপক ডাঃ দ্বীপেন খনিকৰক ৰাজ্যিক ‎কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক (ভাৰপ্ৰাপ্ত) হিচাপে নিযুক্তি দিয়া হৈছে।

Related News