NORTHEAST NOW (Assamese)
অসম

ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি সন্দৰ্ভত বঙাইগাঁও কলেজত সজাগতা সভা

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 13, 2021 3:27 pm

বঙাইগাঁও নিৰ্বাচনী জিলাত ফটোযুক্ত ভোটাৰ তালিকাত যুৱক-যুৱতীসকলৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত বিশেষ অভিযান আৰম্ভ কৰা হৈছে।

এই উপলক্ষে বঙাইগাঁও কলেজত অধ্যক্ষা ডঃ ৰূপাঞ্জলী দেৱী আৰু আন কেইবাগৰাকী অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

যিসকল যুৱক-যুৱতীৰ ইতিমধ্যে ১৮ বছৰ বয়স হৈছে অথবা অহা ২০২২ বৰ্ষৰ ১জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ’ব তেওঁলোকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সজাগ কৰাৰ উদ্দেশ্যে এই সজাগতা অভিযান অনুষ্ঠিত কৰা হৈছে।

গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি জনপ্ৰতিনিধি নিৰ্বাচনত অংশগ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। এই সজাগতা কাৰ্যসূচী Special Summery Revision of Photo Electoral Roll 2022 অথবা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী,২০২২ ৰ অংশ হিচাপে অনুষ্ঠিত কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীসকল বা ভৱিষ্যতৰ ভোটাৰসকলক NVSP portal বা Voter Helpline app.ৰ বিষয়েও অৱগত কৰা হয়, যাতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰে।

অহা ১৩,১৪,২১ আৰু ২৭ নৱেম্বৰতো অনুৰূপ সজাগতা কাৰ্যসূচী জিলাখনত অনুষ্ঠিত কৰা হ’ব ৷

বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা বা অহা ২০২২ বৰ্ষৰ ১জানুৱাৰীত যিসকলৰ ১৮ বছৰ সম্পূৰ্ণ হ’ব সেইসকল যুৱক-যুৱতীক ৩০ নৱেম্বৰৰ ভিতৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে।